![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : শোণিতপুৰ জিলাত ৫ ফেব্ৰুৱাৰীৰ পৰা ৭ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হৈ যোৱা সপ্তম সদৌ অসম ভাৰ উত্তোলন প্ৰতিযোগিতাত প্ৰতিদ্বন্দিতা আগবঢ়াই পাহাৰীয়া জিলা কাৰবি আংলঙলৈ গৌৰৱ কঢ়িয়াই আনিলে ৩গৰাকী খেলুৱৈয়ে ৷
ইয়াৰে ডিফুৰ হৰি দাসে ১০৫ কেজি শাখাত অংশ গ্ৰহণ কৰি মুঠ ৪৪৫ কেজি ভাৰ উত্তোলন কৰি সোণ অৰ্জন কৰি নিথিল ভাৰউত্তোলন চেম্পিয়ণশ্বীপলৈ নিৰ্বাচিত হয় ৷ পদক লাভ কৰা আন দুজন থেলুৱৈ ক্ৰমে, মহিলাৰ মিৰকুংৰিয়ে ৮৮ কেজি শাখাত মুঠ ২৭০ কেজি ভাৰ উত্তোলন কৰি ৰূপ লাভ কৰে ৷ পিটৰ ফাংচ’ৱে ১২০ কেজি শাখাত অংশগ্ৰহণ কৰি মুঠ ৫৭০ কেজি ভাৰ উত্তোলন কৰি ব্ৰঞ্জৰ পদক লাভ কৰে ৷

উক্ত প্ৰতিযোগিতাত ১০জনকৈ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল বুলি কাৰবি আংলং পাৱাৰ লিফটিং সন্থাৰ সভাপতি চিৰাজ ইংতিয়ে জানিবলৈ দিছে ৷ পদক লাভ কৰি তিনিওজন খেলুৱৈয়ে উৎফুল্লিত হৈ পৰাৰ লগতে জিলাখনৰ ক্ৰীড়া প্ৰেমীৰ মাজত এক আশাৰ ৰেঙনি সঞ্চাৰ কৰিছে ৷












