![]()
লংকাৰ পৰা মনোজ কুমাৰ পাঠক
ভাৰতীয় দণ্ডবিধি ধাৰাৰ ৩৭৬(A), ৩০২, POSCO Act-২০১৯ ধাৰাৰ ৬ আইনৰ অধীনত দোষী সাব্যস্ত কৰা হয়। পিংকলা দেৱী নামৰ ৪বছৰ ৯ মহীয়া শিশুক বলৎকাৰ কৰি হত্যা কৰিছিল এই চন্দন ওৰফে বিক্ৰম হৰিজনে। ২০২০ চনৰ ২৬ ফ্ৰেব্ৰুৱাৰীত দিন দুপৰতে হোজাইৰ নন্দপুৰৰ ডাৰিয়া বস্তিত সংঘটিত হৈছিল এই জঘন্য কাণ্ড।
ঘটনা সংঘটিত হোৱাৰ দুটা মাহৰ সময়সীমাৰ ভিতৰতে বিচাৰ প্ৰক্ৰিয়া সমাপ্ত । ন্যায়াধীশ এন চেনা বায়া দেউৰী আদালতে প্ৰদান কৰে এই ৰায়দান। বিচাৰ প্ৰক্ৰিয়া ২০২০ চনৰ ডিচেম্বৰৰ পৰা আৰম্ভ হৈছিল। হোজাই থানাৰ গোচৰ নম্বৰ ১৬৪/২০। আদালতৰ ৰায়দানৰ সময়ত উপস্থিত থকা বিভিন্ন দল সংগঠনৰ লগতে দুৰ্ভগীয়া শিশুটিৰ পিতৃ-মাতৃয়ে সন্তোষ্টি প্ৰকাশ কৰে ।












