![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
পশুপালন আৰু পশু চিকিৎসা বিভাগ লগতে অসম পশুধন আৰু হাঁহ কুকুৰা নিগমৰ উদ্যোগত খানাপাৰা পশুধন পাম খেলপথাৰত তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা পশুধন আৰু হাঁহ-কুকুৰা মেলা বুধবাৰে আনুষ্ঠানিকভাৱে সামৰণি পৰে।
সামৰণি অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত, মন্ত্ৰী অতুল বৰা, পশুধন নিগমৰ অধ্যক্ষ মনোজ শইকীয়া প্ৰমুখ্যে কৃষি বিভাগৰ বহুকেইজন বিষয়া উপস্থিত থাকে।
ক’ৰনা মহামাৰী বাবে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় বিশ্ববিদ্যালয়লৈ উন্নীতকৰণৰ প্ৰক্ৰিয়া থমকি ৰ’ল- অতুল বৰা। নৱপ্ৰজন্মৰ অংশগ্ৰহণ লেখত ল’বলগীয়া। প্ৰমাণ কৰিছে ভৱিষ্যতৰ অৰ্থনীতিৰ বুনিয়াদ কৃষি খণ্ডত তুলি ধৰাত সফল হ’ম- বৰাই কয়।
মেলাৰ সৈতে সংগতি ৰাখি প্ৰস্তুত কৰা স্মৰণীকা উন্মোচন কৰে মুখ্যমন্ত্ৰী সোণোৱালে। নিষ্ক্ৰিয় হৈ থকা পশুপালন আৰু পশু চিকিৎসা বিভাগ অতুল বৰা নেতৃত্বত নতুন উদ্যমত মোৰ দাঙি উঠিছে।
কৃষি বিশ্ববিদ্যালয়ৰ কৃষি বিজ্ঞানীসকলে কৃষকসকলৰ সৈতে পোনপটীয়াকৈ যোগাযোগ ৰখা আহ্বান জনায় – মুখ্যমন্ত্ৰী সোণোৱালে। কৃষক খণ্ডলৈ ডেকা শক্তি ওলাই আহিব লাগে। বজাৰসমূহ অসমৰ খেতিয়কে দখল কৰিব লাগে। কৃষকক উৎসাহিত কৰা বাবে সন্মান কৰিব লাগে। অফিচ-কাছাৰীত কৃষকক সন্মান সহকাৰে গুৰুত্ব দিয়াৰো আহ্বান জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে কয়। সমাজ স্বাৱলম্বী কৰাত এই মেলাই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। অনাগত দিনত পশু চিকিৎসা বিশ্ববিদ্যালয় নিৰ্মাণ কৰা হ’ব বুলিও সোণোৱালে ঘোষণা কৰে।
ৰাজ্য কৃষকৰ ধান অসমতে মিলিং কৰা বাবে অসম চৰকাৰে ২২০টা ৰাইচ’মিল স্থাপন কৰা কাম হাতত লোৱা কথা ঘোষণা কৰে সোণোৱালে। নৱপ্ৰজন্মই অধিক কষ্ট কৰিব লাগিব। শব্দ বাক্যই পৰিৱৰ্তন আনিব নোৱাৰি কৰ্মৰ জৰিয়তে পৰিৱৰ্তন আনিব লাগিব তেওঁ লগতে কয়।
ইফালে, মেলা সৈতে সংগতি ৰাখি ৰাজ্যিক ভিত্তিক বিভিন্ন বঁটা প্ৰদান কৰা হয়। ৰাজ্যিক ভিত্তিক শ্ৰেষ্ঠ পশুপালক বঁটা পংকজ ছেত্ৰী, শ্ৰেষ্ঠ দুগ্ধপালক বঁটা মঞ্জু শৰ্মা, শ্ৰেষ্ঠ ছাগলী পালক বঁটা তনবীৰ হক, শ্রেষ্ঠ গাহৰি পালক দময়ন্তি ৰামচিয়াৰী, শ্ৰেষ্ঠ হাঁহ কুকুৰা পালক আমাজুদ্দিন চৌধুৰী, মেলা শ্ৰেষ্ঠ বিপনী বঁটা উদ্যান শস্য আৰু খাদ্য সংসাধন বিভাগে লাভ কৰে।













