![]()
কাৰাবন্দী কৃষক নেতা ৰাইজৰ দলৰ সভাপতি অখিল গগৈক সাক্ষাৎ ৰাজ্যসভা সাংসদ অজিত কুমাৰ ভূঞাৰ। গুৱাহাটী মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ থকা গগৈক বুধবাৰে সাক্ষাৎ কৰে ভূঞাই।
‘বহুদিন ধৰি অন্য কামত ব্যস্ত থাকে বাবে সাক্ষাৎ কৰিবলৈ আহিব পৰা নাছিলোঁ। কিন্তু যোগাযোগ আছিল। সাক্ষাৎ কৰি স্বাস্থ্য বুজ লোৱা লগতে তেওঁ মাতৃ স্বাস্থ্য সন্দৰ্ভতো কথা বতৰা পতা বুলি অৱগত কৰে ভূঞাই।
ৰাজনৈতিক প্ৰেক্ষাপটৰ ওপৰতো আলোচনা কৰা বুলি উল্লেখ কৰি ভূঞাই কয়- বিজেপিক পৰাভূত কৰা বাবে কি কৰিব পৰা যায় সেই সন্দৰ্ভত আলোচনা কৰি বিৰোধীৰ ঐক্য বিষয়তো আলোচনা হৈছে।
ভোট বিভাজন হ’ব নোৱাৰাকৈ বিৰোধী মহাজোটলৈ ৰাইজৰ দল-এজেপি আহিব লাগে বুলি উল্লেখ কৰি সাংসদ, আঞ্চলিক গণ মৰ্চা সভাপতি ভূঞাই কয়- ৰাইজৰ দলৰ স্থিতি সন্দৰ্ভত অখিলে উল্লেখ কৰে বিজেপি যিদৰে শত্ৰু এআইইউডিএফো শত্ৰু। লগতে কংগ্ৰেছক শাসনলৈ অহাটো তেওঁ নিবিচাৰে’। উল্লেখ্য যে, কিছুদিনৰ পূৰ্বে এজেপিৰ নেতৃত্বই অখিলক সাক্ষাৎ কৰি মিত্ৰতা চূড়ান্ত কৰিছিল।













