নিউজ ডেক্স:
ইউৰোপ মহাদেশৰ প্রবীণতম আৰু বিশ্বৰ দ্বিতীয় প্রবীণতম ফ্রান্সৰ লুছিল ৰেণ্ডনে (অন্য নাম- ছিষ্টাৰ আন্দ্রে) কোভিড সংক্রমণ জয় কৰিলে। আনকি চলিত সপ্তাহতে তেওঁৰ ১১৮সংখ্যক জন্মদিনটিও ধূমধামেৰে পালন কৰিলে তেওঁৰ পৰিচিতসকলে।
সংবাদ সংস্থা ৰয়টাৰ্ছে জনোৱা মতে, ফৰাচী ‘নান’ ছিষ্টাৰ আন্দ্রেৰ জন্ম ১৯০৪ চনৰ ১১ ফেব্রুৱাৰীত। অসুস্থ হৈ পৰাত টোলানত এখন নাৰ্ছিংহোমত যোৱা ১৬ জানুৱাৰীত ৰক্তপৰীক্ষা কৰোৱা হয় ছিষ্টাৰ আন্দ্রেৰ। তেওঁ কোভিড পজিটিভ হয়।
লগে লগে তেওঁক নাৰ্ছিংহোমত ভর্তি কৰোৱা হয়। সেই সময়তেই নাৰ্ছসকলক তেওঁ কৈছিল, ‘‘মইতো একো বুজিয়েই পোৱা নাই। মোৰ কিবা হৈছে নেকি?’’ কোনো প্রাথমিক উপসর্গ নাছিল ছিষ্টাৰআন্দ্রেৰ।
নাৰ্ছিংহোমত নিয়মিত বাতৰিকাকত পঢ়িছিল তেওঁ। টিভি চাইছিল।
নাৰ্ছিহোমত থাকোতেই ছিষ্টাৰ আন্দ্রেই খবৰ লাভ কৰে যে প্রবীণসকলৰ বাবে সংৰক্ষিত যিটো হোমত তেওঁৰ সৈতে যি ৮৮ জন আছিল তেওঁলোকৰ ভিতৰত ৮১ জনৰেই কোভিড সংক্রমিত হৈছে। পিছত খবৰ লাভ কৰে তেওঁলোকৰ ভিতৰত ১০ জনৰ মৃত্যুও হৈছে।
তথাপি নিজকে লৈ কোনো দ্বিধাবোধ নাছিল ছিষ্টাৰ আন্দ্রেৰ। বৰং নাৰ্ছিংহোমৰ অন্য ৰোগীসকলৰ খা-খবৰ লৈছিল নাৰ্ছসকলৰ পৰা। পৰিচিতসকল কোন কেনে আছে জানিবলৈ বিচাৰিছিল।
উল্লেখ্য, ছিষ্টাৰ আন্দ্ৰেই মহামাৰী স্পেনিছ ফ্লু আৰু দুখনকৈ বিশ্বযুদ্ধৰো সাক্ষী হৈ আছে৷










