ষ্টাফ ৰিপ’ৰ্টাৰ:
হোজাই কেণ্ডগুৰি সমীপৰ হাতিমাৰা গাওঁত লোমহৰ্ষক হত্যাকাণ্ড।পিতৃৰ আক্ৰমণত প্ৰাণ গল ৩৮ বছৰীয়া পুত্ৰৰ।এখন ব্যৱসায় প্ৰতিস্থানক কেন্দ্ৰ কৰি চলি আছিল দীঘ দিনীয়া সংঘাত।
পিতৃ মনমোহন মজুমদাৰে বুধবাৰে নিশা পুত্ৰ ব্ৰজেন মজুমদাৰে অহাৰ গ্ৰহণ কৰি থকা সময়তে আক্ৰমণ কৰে। ধান কঢ়িয়া বিৰিয়াই হানি খুচি গুৰুত্ব ভাবে আহত কৰে পুত্ৰক।
পৰৱৰ্তী সময়ত হাম হস্পিটেলত চিকিৎসাধীন অৱস্থাত বৃহস্পতিবাৰে দুপৰীয়া পুত্ৰ ব্ৰজেন মজুমদাৰ মৃত্যু হয়।আক্ৰমনকাৰী পিতৃক হোজাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ লগতে মৃত পুত্ৰক মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাওঁলৈ প্ৰেৰণ কৰে।













