![]()
নিউজ ডেস্কঃ
নামৰূপ সাৰ কাৰখানাৰ বাবে সু-খবৰ। ৰাজ্যৰ মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অহৰহ চেষ্টাত কেন্দ্ৰীয় চৰকাৰে নামৰূপৰ বিভিএফচিএল সাৰ কাৰখানাৰ আন্তগাঁথনি আৰু প্লাট মেৰামতিৰ বাবে মোকলাই দিয়ে ১০০ কোটি টকা। পুনৰুজ্জীৱিতকৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰে মোকলাই দিয়া ১০০ কোটি টকাৰ কথা টুইটযোগে জনায় মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এইখবৰে শেহতীয়াকৈ উৎসাহিত কৰিছে উদ্যোগটোৰ শ্ৰমিক কৰ্মচাৰীক। ২০০৬ চনতে সাৰমন্ত্ৰী ৰামবিলাসে চতূৰ্থ গোট নিৰ্মাণৰ ঘোষণা কৰিছিল যদিও আজিপৰ্যন্ত সেয়া সম্পূৰ্ণ হৈ নুঠিল। ইয়াৰ উপৰিও, প্ৰথম আৰু দ্বিতীয় গোটৰ স্তব্ধতাৰ পিচত তৃতীয় গোটটোৱে কোনোমতে সাৰ উৎপাদন কৰি আহিছিল।
উল্লেখ্য যে, ৬ -৭ বছৰৰ আগতে এই উদ্যোগৰ উন্নয়ৰ বাবে ভাৰত চৰকাৰক আহ্বান জনোৱা হৈছিল আৰু ইয়াৰ পিছৰ বিভিন্ন প্ৰতিবাদ, মূখ্যমন্ত্ৰী সোণোৱাল আৰু হিমন্ত বিশ্বৰ প্ৰচেষ্টাৰ ফলত আগবঢ়োৱা হ’ল ১০০ কোটি টকা। বিধানসভা নিৰ্বাচনৰ আগচোৱাত বিজেপিৰ এয়া নিৰ্বাচনী মিঠাই আখ্যা দিলে দীৰ্ঘদিনে উদ্যোগটোৰ চতুৰ্থগোট নিৰ্মাণৰ বাবে দাবী উত্থাপন কৰি অহা আছুৱে।
উত্তৰ–পূৱৰ গৌৰৱ নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোট নিৰ্মাণৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ নকৰি কেন্দ্ৰীয় চৰকাৰে নিৰ্বাচনৰ প্ৰাকক্ষণত এইদৰে ১০০ কোটি টকাৰ অনুমোদন জনোৱা কাৰ্যক লৈ এতিয়া নামৰূপত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়া।













