![]()
কামৰূপ আৰক্ষীৰ দাদাগিৰিৰ বলি হ’ল কৰ্তব্যৰত সাংবাদিক। আমিনগাঁৱৰ ৰঙিয়া মহকুমাৰ আৰক্ষী বিষয়া মৃগাক্ষী ডেকাই অমিত শ্বাহৰ আমিনগাওঁ প্ৰস্থানৰ সময়তে অভব্য আচৰণ কৰে সাংবাদিকক। বেৰিকেডৰ পৰা ভালেখিনি দূৰত্বত থাকি অমিত শ্বাহৰ প্ৰস্থানৰ ভিজুৱেল সংগ্ৰহ কৰি থকা সময়ত মৃগাক্ষী ডেকাই সাংবাদিকগৰাকীক কৰা অভব্য আচৰণক এতিয়া তীব্ৰ ভাষাৰে গৰিহণা দিছে কামৰূপ জিলা সাংবাদিক সন্থাই।
ইতিমধ্যে আৰক্ষী বিষয়াগৰাকীৰ শাস্তিৰ দাবীত কামৰূপ জিলা উপায়ুক্ত কৈলাশ কাৰ্তিক এন আৰু আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়ক অবগত কৰিছে সাংবাদিকসকলে । আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে উচিত কাৰ্যব্যৱস্থা গ্ৰহণ নকৰিলে আন্দোলনৰ হুংকাৰ প্ৰদান কৰে সাংবাদিকসকলে।













