![]()
তেজপুৰৰ ৰাজপথত চিকিৎসকৰ দুদিনীয়া অনশন কাৰ্যসূচী। ভাৰত চৰকাৰে গ্ৰহণ কৰা নতুন শিক্ষা নীতি আয়ূৰ্বেদিক চিকিৎসাৰ পাঠ্যক্ৰমৰ স্নাতকোত্তৰ পৰ্যায়ত ৰোগীৰ অস্ত্ৰোপচাৰৰ পাঠ্যক্ৰম সন্নিৱিষ্ট কৰি আয়ূৰ্বেদিক চিকিৎসককো ৰোগীৰ অস্ত্ৰোপচাৰৰ অনুমতি প্ৰদান কৰাত এই ব্যৱস্থাৰ বিৰোধিতা কৰি ১ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা ভাৰতীয় চিকিৎসা সন্থাৰ ৰিলে অনশনৰ অধীনত বুধবাৰৰ পৰা দুদিনীয়া অনশন কাৰ্যসূচী আৰম্ভ কৰিছে তেজপুৰত। অনশনত আজি অংশগ্ৰহণ কৰে ভাৰতীয় চিকিৎসক সন্থাৰ ৰাষ্ট্ৰীয় সভাপতি ডাঃ জে এ জয়লালে।
আনহাতে চাৰে তিনিলাখ সদস্যৰে ভাৰতীয় চিকিৎসা সন্থাই দেশৰ উচ্চতম ন্যায়ালয়ত এই আধ্যাদেশ বাতিলৰ দাবীত আবেদন দাখিল কৰাৰ কথাও ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে সদৰি কৰে। তেজপুৰৰ শতাধিক চিকিৎসকে অংশগ্ৰহণ কৰা আজিৰ অনশনত ভাৰতীয় চিকিৎসা সন্হাৰ অসম শাখাৰ সভাপতি ডাঃ সত্যজিৎ বৰাইও অংশগ্ৰহণ কৰে। ১ফেব্ৰুৱাৰীৰ পৰা ১৪ ফেব্ৰুৱাৰী পৰ্যন্ত ৰাষ্ট্ৰজুৰি ৰিলে অনশনৰ কাৰ্য্যসূচী গ্ৰহণ কৰা হৈছে।













