![]()
নগাঁও : সাংবাদিক তথা কাৰিকৰী শিক্ষা প্রতিষ্ঠান জি আই টিৰ প্ৰতিষ্ঠাপক সঞ্জীৱ গোস্বামী (৪৮)ৰ আকস্মিক মৃত্যুত তেওঁৰ জন্মস্থান নগাঁৱত শোকৰ ছাঁ পৰে। নগাঁও চহৰৰ ছোটহয়বৰ নিবাসী সঞ্জীৱ গোস্বামীয়ে প্ৰায় ডেৰ দশক ধৰি গুৱাহাটীত স্হায়ীভাৱে বসবাস কৰিবলৈ লয়। উল্লেখ্য, আজি পুৱতি নিশা গুৱাহাটীৰ বাসভৱনত আকস্মিকভাৱে হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ সঞ্জীৱ গোস্বামীৰ মৃত্যু ঘটে । আজি পুৱা শোৱাপাটিত নিথৰ হৈ পৰি থকা গোস্বামীক পৰিয়ালৰ লোকে ততাতৈয়াকৈ গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে। গুৱাহাটী ইনস্টিটিউট অব টেকন’লজি (জি আই টি)ৰ প্ৰতিষ্ঠাপক তথা স্বতাধিকাৰী সঞ্জীৱ গোস্বামী বিভিন্ন সংবাদ মাধ্যমৰ লগত জড়িত আছিল। তেওঁ ‘আমি অসমৰ জনগণ’ নামৰ অধুনালুপ্ত দৈনিক বাতৰি কাকতখনৰ সম্পাদক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। নগাঁৱৰ কেবোল চেনেল বি এম চি স্থাপনৰ ক্ষেত্ৰতো তেওঁ সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছিল। গোস্বামী সাংবাদিক পৰিষদ অসমৰ প্ৰতিষ্ঠাপক সভাপতি আছিল। আজি তেওঁৰ নশ্বৰ দেহ গুৱাহাটী বামুণীমৈদামৰ জি আই টি কাৰ্যালয়লৈ আনি শেষ শ্ৰদ্ধা জনোৱাৰ লগতে গুৱাহাটী প্ৰেছ ক্লাবতো শেষ শ্ৰদ্ধা জনোৱা হয়।
আনহাতে নগাঁৱৰ ছোটহয়বৰৰ নিজ ঘৰলৈ তেওঁৰ নশ্বৰ দেহ লৈ অনাৰ পথত জি আই টি নগাঁও প্ৰতিষ্ঠানতো শেষ শ্ৰদ্ধা জ্ঞাপন কৰা হয়। বিয়লি ভালেসংখ্যক গুণমুগ্ধৰ উপস্থিতিত নগাঁও চহৰৰ মধুপুৰ শ্মশানত গোস্বামীৰ শেষকৃত্য সম্পন্ন হয়। সাংবাদিক পৰিষদ অসমৰ প্ৰতিষ্ঠাপক সভাপতি সঞ্জীৱ গোস্বামীৰ মৃত্যুত সাংবাদিক পৰিষদ অসমৰ নগাঁও জিলা সমিতিৰ সভাপতি জিতেন বৰকটকী আৰু সম্পাদক ভাস্কৰজ্যোতি শইকীয়াই গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালক গভীৰ সমবেদনা জ্ঞাপন কৰে ।
গোস্বামীৰ মৃত্যুত নগাঁও প্ৰেছ ক্লাব, নগাঁও জিলা বাৰ্তা জীৱি সংঘ, সদৌ অসম সাংবাদিক সন্থাৰ নগাঁও জিলা সমিতি, আপকু নগাঁও জিলা সমিতি, পুৰণিগুদাম প্ৰেছ ক্লাব, বেবেজীয়া প্ৰেছ ক্লাব, কঠিয়াতলি প্ৰেছ ক্লাব, বঢ়মপুৰ প্ৰেছ ক্লাব, চামগুৰি প্ৰেছ ক্লাব, আছুৰ নগাঁও জিলা সমিতি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতি, প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত, বিধায়ক ৰূপক শৰ্মা, প্ৰাক্তন বিধায়ক ডা: দুৰ্লভ চমুৱা, গিৰীন্দ্ৰ কুমাৰ বৰুৱা, জি আই টি নগাঁও প্ৰতিষ্ঠানৰ সমন্বয়ক শিৱ প্ৰসাদ বৰা, সপ্তাহিক কলংপাৰ, ৰণাংগন কাকত গোষ্ঠীকে ধৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰে। মৃত্যুৰ সময়ত গোস্বামীয়ে পিতৃ ফুলবাৰী সত্ৰৰ সত্ৰাধিকাৰ দেৱকান্ত গোস্বামী, পত্নী, পুত্ৰ, ভগ্নী সহ ইহ সংসাৰত ভালেসংখ্যক আত্মীয়ক এৰি থৈ যায়।













