![]()
ধেমাজি জিলাৰ জোনাই আৰক্ষী থানাৰ অন্তৰ্গত মূৰ্কচেলেক ৰে’লৱে ষ্টেচন সমীপৰ কমলপুৰ গাঁৱত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। কমলপুৰৰ নুৰ আলিয়ে বুধবাৰৰ নিশা পত্নী ৰীণা বেগমে সামান্য এটা ফোন ভঙাক লৈ কাজিয়াৰ সৃষ্টি কৰে আৰু এই কাজিয়াই ভয়ংকৰ ৰূপ লোৱাৰ পিছতেই নুৰ আলিৰ লগতে মাতৃ বাতেহি বেগম আৰু নুৰ আলিৰ তিনি ভাতৃ ক্ৰমে য়ককম আলি, আপাজুল আলি আৰু নজকল আলিয়ে লগ হৈ ৰীণা বেগমক কেৰাচিন ঢালি অগ্নিদগ্ধ কৰাৰ চেষ্টা কৰে। ৰীণা বেগমৰ চিঞৰত আত্মীয়ই অভিযুক্তসকলৰ বাসগৃহত প্ৰৱেশ কৰাৰ চেষ্টা কৰে যদিও পৰিয়ালৰ লোকে প্ৰৱেশত বাধা দিয়ে।

আনহাতে পিছলৈ সম্পূৰ্ণৰূপে অগ্নিদগ্ধ ৰীণা বেগমক জোনাইৰ ৩০খন বিচনাযুক্ত চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে তেওঁক প্ৰেৰণ কৰা হয় এএমচিত।
ইফালে অগ্নি সংযোগ কৰি পত্নীক হত্যাৰ চেষ্টা চলোৱা স্বামী নুৰ আলিক আটক কৰি জোনাই আৰক্ষীয়ে জোনাই আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ US-498(A)/436/307/34 ধাৰাৰ অধীনত 26/2021 নম্বৰ গোচৰ পঞ্জীয়ন কৰি তদন্ত অব্যাহত ৰাখিছে৷













