ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

সাহিত্য সৌৰভ বিলাই কাৰবি আংলঙত উন্মোচন হ’ল কেইবাখনো গ্ৰন্থ

'গীতাঞ্জলি'ৰ কাৰ্বি অনুবাদৰ লগতে ত্ৰিভাষিক অভিধান কাৰ্বি লামতাচাম'

News Desk by News Desk
February 11, 2021
Reading Time: 1 min read
A A
0

New Logo Very Smal | ASSAM TIMES POST
ষ্টাফ ৰিপ’ৰ্টাৰ

RELATED POSTS

Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু

Swapnalok Diphu । ‘স্বপ্নলোক’ৰ দ্বাদশ প্ৰতিষ্ঠা দিৱস উদযাপন

Karbi Anglong Sports Association I কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠা দিৱসত ক্ৰীড়া সংস্কৃতিৰ প্ৰসাৰৰ আহ্বান তুলিৰাম ৰংহাঙৰ

ডিফু : সাহিত্য সৌৰভ বিলাই আজি কাৰবি আংলঙত উন্মোচিত কেইবাখনো মুল্যৱান গ্ৰন্থ ৷ কার্বিসকলৰ ভাষা-সাহিত্যৰ প্রতি অনবদ্য বৰঙণিৰ চানেকী ৰাখি থৈ আজি জিলাখনৰ সদৰ চহৰ ডিফুত উন্মোচন কৰা হয় এই গ্ৰন্থসমূহ ৷ এই উদ্দেশ্যে, আজি দিনৰ এঘাৰ বজাত ডিফুৰ লৰুলাংছস্থিত ৰাংছিনা চাৰপ’ সাংস্কৃতিক ভৱনত আনন্দৰাম বৰুবা ইনষ্টিটিউট অৱ লেংগুৱেজ, আর্ট এণ্ড কালছাৰৰ দ্বাৰা প্রকাশিত গ্রন্থকেইখনৰ শুভ উন্মোচনৰ বাবে এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়।

উল্লেখযোগ্য যে, শেহতীয়াকৈ ভাষা-সাহিত্যৰ ক্ষেত্রত বিশেষ উত্তৰণৰ দিশত গতি কৰা কাৰ্বি ভাষাক অধিক সমৃদ্ধ কৰাৰ বাট প্রশস্ত কৰি বিশিষ্ট ভাষাবিদ, সাহিত্যিক খয়াছিং হাঞ্চেৰ সম্পাদনাত কাৰ্বি, অসমীয়া আৰু ইংৰাজী ভাষাত প্রকাশিত ত্ৰিভাষিক অভিধান কাৰ্বি লামতাচাম’, কবিগুৰু ৰবীন্দ্রনাথ ঠাকুৰৰ নোবেল বঁটাপ্রাপক কাব্যগ্রন্থ ‘গীতাঞ্জলি’ৰ সাহিত্যিক হাংমিজি হাঞ্চেই কৰা কাৰ্বি অনুবাদ, লংছিং টেৰণৰ প্রবন্ধ সংকলন নে লামথে’, লংকাম টেৰণ আৰু দিলীপ কুমাৰ কলিতাৰ অনুবাদ গ্রন্থ কার্বি ফক ছং আদি গ্রন্থৰ লগতে কাৰ্বি ভাষাত প্রকাশিত বিভিন্ন স্থানীয় চৰাই, জন্তু, ফুল, ঘৰুৱা ফুল, পোহনীয়া জস্তু, পতংগ, ফলমূল আৰু দেহৰ বিভিন্ন অংগৰ উল্লেখ থকা তালিকাও উন্মোচন কৰা হয়। গ্রন্থসমূহৰ উন্মোচনী সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি প্রদান কৰা ভাষণত কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহীগৰাকীয়ে ত্রিভাষিক অভিধানখনৰ প্রকাশে কার্বি ভাষা শিকাৰ বাবে আগ্রহী বিভিন্নজনৰ বাবে অতিকে সহায়ক হ’ব বুলি আশা প্রকাশ কৰে।

book | ASSAM TIMES POST

আজিৰ এই গুৰত্বপূর্ণ সভাখনত উপস্থিত থাকি আনন্দ প্রকাশ কৰে অসম সাহিত্য সভাৰ প্রাক্তন সভাপতি তথা বিশিষ্ট সাহিত্যিক পদ্মশ্রী ৰংবং তেৰাঙে। আজিৰ দিনটো কার্বি আংলং জিলাৰ বাবে এক মহত্বৰ দিন বুলি মন্তব্য কৰি খয়াছিং হাঞ্চেৰ নৱতম ত্রিভাষিক অভিধানখন কার্বি ভাষা-সাহিত্যৰ বাবে এক বহুমুলীয়া অৱদান বুলি অভিহিত কৰে। অভিধানখনৰ বিজ্ঞানসম্মত ভাষাবিজ্ঞানৰ ব্যাখ্যাৰ বাবে খয়াছিং হাঞ্চেই বিশ বছৰ শ্রম কৰিবলগীয়া হৈছিল বুলি মন্তব্য কৰি কাৰ্বি ভাষাৰ উন্নতিৰ বাবে এয়া এক বৃহৎ সােপান বুলি মস্তব্য কৰে।

আনহাতে, কবি ঠাকুৰৰ গীতাঞ্জলিৰ কার্বি অনুবাদ হোৱাত গভীৰ সন্তুষ্টি প্রকাশ কৰি গীতাঞ্জলিৰ দৰে এখন গ্রন্থ কার্বি ভাষাত কবিতাৰ আকাৰে প্রকাশ পোৱা কার্যই কার্বি ভাষাতো যে এক অতিকে চহকী সেয়াই প্রতিপন্ন কৰে বুলি মন্তব্য কৰে। সহিত্যিক হাংমিজি হাঞ্চেৰ বাবেও এয়া এক বৃহৎ সাফল্য বুলি বিশিষ্ট সাহিত্যিকগৰাকীয়ে কয়। গ্রন্থকেইখন প্রকাশৰ ক্ষেত্রত লোৱা পদক্ষেপৰ বাবে ‘এবিলাক’ৰ সঞ্চালক ডঃ দিলীপ কলিতাকো অভিনন্দন জ্ঞাপন কৰে।

Tags: Featured
Share4Tweet3Send

Related Posts

Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু
KARBI ANGLONG

Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু

by News Desk
July 20, 2026
50
Swapnalok Diphu । ‘স্বপ্নলোক’ৰ দ্বাদশ প্ৰতিষ্ঠা দিৱস উদযাপন
KARBI ANGLONG

Swapnalok Diphu । ‘স্বপ্নলোক’ৰ দ্বাদশ প্ৰতিষ্ঠা দিৱস উদযাপন

by Staff Reporter
July 20, 2026
50
Karbi Anglong Sports Association I কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠা দিৱসত ক্ৰীড়া সংস্কৃতিৰ প্ৰসাৰৰ আহ্বান তুলিৰাম ৰংহাঙৰ
KARBI ANGLONG

Karbi Anglong Sports Association I কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠা দিৱসত ক্ৰীড়া সংস্কৃতিৰ প্ৰসাৰৰ আহ্বান তুলিৰাম ৰংহাঙৰ

by Staff Reporter
July 19, 2026
50
Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ
KARBI ANGLONG

Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ

by Staff Reporter
July 16, 2026
50
Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী
KARBI ANGLONG

Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী

by News Desk
July 11, 2026
50
ADVERTISEMENT
Modi on NEET paper leak : প্ৰশ্ন ফাদিল হোৱাটো এটা মহাপাপ, ইয়াক বন্ধ কৰাৰ দায়িত্ব সমগ্ৰ দেশৰ; নীট কেলেংকাৰী সন্দৰ্ভত প্ৰথম প্ৰতিক্ৰিয়া মোদীৰ
National-International

Modi on NEET paper leak : প্ৰশ্ন ফাদিল হোৱাটো এটা মহাপাপ, ইয়াক বন্ধ কৰাৰ দায়িত্ব সমগ্ৰ দেশৰ; নীট কেলেংকাৰী সন্দৰ্ভত প্ৰথম প্ৰতিক্ৰিয়া মোদীৰ

July 21, 2026
50
Oppositions protest : দিল্লীত বিৰোধীৰ প্ৰতিবাদত ৰাহুল-প্ৰিয়ংকাৰ অংশগ্ৰহণ
National-International

Oppositions protest : দিল্লীত বিৰোধীৰ প্ৰতিবাদত ৰাহুল-প্ৰিয়ংকাৰ অংশগ্ৰহণ

July 21, 2026
50
Rare pangolin rescued in Diphu
DIPHU

Diphu Pangolin recovered : ডিফুতে দুষ্প্রাপ্য বনৰৌ উদ্ধাৰ

July 21, 2026
50
Rare pangolin rescued in Diphu
DIPHU

Rare pangolin rescued in Diphu

July 21, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Modi on NEET paper leak : প্ৰশ্ন ফাদিল হোৱাটো এটা মহাপাপ, ইয়াক বন্ধ কৰাৰ দায়িত্ব সমগ্ৰ দেশৰ; নীট কেলেংকাৰী সন্দৰ্ভত প্ৰথম প্ৰতিক্ৰিয়া মোদীৰ

Modi on NEET paper leak : প্ৰশ্ন ফাদিল হোৱাটো এটা মহাপাপ, ইয়াক বন্ধ কৰাৰ দায়িত্ব সমগ্ৰ দেশৰ; নীট কেলেংকাৰী সন্দৰ্ভত প্ৰথম প্ৰতিক্ৰিয়া মোদীৰ

July 21, 2026
Oppositions protest : দিল্লীত বিৰোধীৰ প্ৰতিবাদত ৰাহুল-প্ৰিয়ংকাৰ অংশগ্ৰহণ

Oppositions protest : দিল্লীত বিৰোধীৰ প্ৰতিবাদত ৰাহুল-প্ৰিয়ংকাৰ অংশগ্ৰহণ

July 21, 2026
Rare pangolin rescued in Diphu

Diphu Pangolin recovered : ডিফুতে দুষ্প্রাপ্য বনৰৌ উদ্ধাৰ

July 21, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx