![]()
শুকুৰবাৰে বিধানসভাত লেখানুদান বাজেট দাখিল কৰে ৰাজ্যৰ বিত্তমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই। ২০২১ৰ ১ এপ্ৰিলৰ পৰা ৩০ ছেপ্টেম্বৰ পৰ্যন্ত ছয় মাহৰ বাবে মুঠ ৬০,৭৮৪.০৩ কোটি টকা ব্যয়সাপেক্ষ উক্ত লেখানুদান বাজেট দাখিল কৰে বিত্তমন্ত্ৰীয়ে।
লেখানুদান বাজেটৰ কেইটামান গুৰুত্বপূৰ্ণ বিষয় :
* ৰাজ্যিক ঘৰুৱা উৎপাদনৰ হাৰ ৭.৭১ শতাংশলৈ বৃদ্ধি, জনমুৰি আয় ৯০,৬৯২ টকালৈ বৃদ্ধি।
* ২০২১-২২ বৰ্ষত কেন্দ্রীয় কৰৰ ২০,৬০১ কোটি টকা অনুমোদন।
* ২০১৯-২০ বৰ্ষত ৰাজ্যৰ নিজাববীয়া ৰাজহ কৰৰ পৰিমাণ বৃদ্ধি।
* অৰুণোদয় আঁচনিৰ ধনৰ পৰিমাণ বৰ্তমানৰ মাহিলি ৮৩০ টকাৰ পৰা ৩০০০ টকালৈ বৃদ্ধি।
উক্ত আঁচনিৰ পৰা ১৭,২৫,৫৯০গৰাকী মহিলা উপকৃত হৈছে।
* অৰুন্ধতী আঁচনিয়ে সামৰি হৈছে ১৫০০গৰাকী মহিলা।
* ৮,৭৫৬ নামঘৰলৈ মুঠ ২১৮ কোটি টকাৰ অনুদান আগবঢ়োৱা হৈছে।
* উত্তৰণ আঁচনিত আৰম্ভ হৈছে ১২৪টা প্রকল্প।
* ১০০০খন কাঠৰ দলঙক পকী দলঙলৈ উন্নীতকৰণ, ৰে’লৱে অভাৰব্রীজ নিৰ্মাণ।
* বৰ্তমানলৈকে মুঠ ২০৪১খন দলঙৰ কাম আৰম্ভ কৰা হৈছে আৰু ইয়াৰে ৮৭০খনৰ কাম সম্পূৰ্ণ হৈছে।
* ৰাজ্যত কোভিডৰ সময়ত স্থাপন কৰা হৈছে ১০০০খন আইচিইউ বিছনা। আনহাতে, স্থাপন কৰা হৈছে ৪,৫০০খন নিয়মীয়া হাস্পতালৰ বিছনা।
* কৰা হৈছে ১,৪০৮টা ভেণ্টিলেটৰ, ৪,৫৪১টা অক্সিজেন চিলিণ্ডাৰৰ ব্যৱস্থা।
* মুঠ ৮৬৭ কোটি টকা ব্যয়েৰে ৰাজ্যৰ ৫৮ লাখ পৰিয়াললৈ প্ৰদান কৰা হৈছে বিনামূলীয়া চাউল।
* মুঠ ৭.৫ লাখ হিতাধিকাৰী চাহ বাগিচা ধন পুৰস্কাৰ মেলাৰ দ্বাৰা উপকৃত হৈছে।
* চাহ শ্রমিকৰ মজুৰি বৃদ্ধি আলোচনা পৰ্যায়ত আছে।
* বিধৱা পেঞ্চন আঁচনিত ব্যয় হৈছে মুঠ ৪০.৯৪ কোটি টকা। আঁচনিখনৰ দ্বাৰা উপকৃত হৈছে ১,৬৯,৯৩০গৰাকী বিধৱা মহিলা।
* মুঠ ১,৬০,৬১২গৰাকী দিব্যাংগক প্ৰদান কৰা হৈছে মাহে এহাজাৰকৈ টকা।
* দীনদয়াল দিব্যাংগজন পেঞ্চন আঁচনিত ব্যয় হৈছে মুঠ ৯৬.৩৬ কোটি টকা।
* আনহাতে, ২০২০-২১ বৰ্ষত মুঠ ১২,৫৬,৬৯৮ গৰাকীলৈ আগবঢ়োৱা হৈছে ৰাজ্য চৰকাৰৰ বৃদ্ধ পেঞ্চন।
* শিক্ষাৰ ক্ষেত্ৰত বিদ্যালক্ষ্মী আঁচনিৰ জৰিয়তে ৩৭.৬০ কোটি টকাৰ ঋণত অনুমোদন দিয়া হৈছে।
* অভিনন্দন আঁচনিত ৫,৭৯৯টা একাউণ্টলৈ প্ৰদান কৰা হৈছে এককালীন সাহায্য।
* আনহাতে, শিক্ষা ঋণ হিচাপে প্রতিটো একাউণ্টৰ বিপৰীতে প্ৰদান কৰা হৈছে ৫০ হাজাৰ টকাকৈ সাহায্য।
* প্রজ্ঞান ভাৰতী আঁচনিত ছাত্ৰ-ছাত্ৰীৰ বিনামূলীয়া নামভৰ্তি হৈছে। এই আঁচনিৰ দ্বাৰা উপকৃত হৈছে মুঠ ১৭.৮৪ লাখ ছাত্র-ছাত্রী।
* মৰাণ, মটক, চুতীয়া, আহোম সম্প্রদায়ৰ কীৰ্তিচিহ্ন সংৰক্ষণৰ বাবে চৰকাৰে গ্ৰহণ কৰিছে ব্যৱস্থা। ইয়াৰে প্রতিটো সম্প্রদায়লৈ ১২৫ কোটিকৈ ৫০০ কোটি টকাৰ পেকেজ প্ৰদানৰ সিদ্ধান্ত লোৱা হৈছে।
* অংগনবাড়ী কৰ্মীৰ দৰমহা এহাজাৰ টকাকৈ বৃদ্ধিৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ। লগতে অংগনবাড়ী কৰ্মী সহায়িকাৰ দৰমহা ৫০০ টকালৈ বৃদ্ধি। ইয়াৰ দ্বাৰা উপকৃত হ’ব ৬১.৫০২ গৰাকী অংগনবাড়ী কৰ্মী আৰু ৫৬,০০৮ গৰাকী সহায়িকা।













