![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : পুনৰ অস্থিৰ হৈ পৰিল পাৰ্বত্য জিলা কাৰবি আংলং ৷ সদ্যহতে ৰাজ্যিক কেবিনেটৰ সিদ্ধান্ত মৰ্মে পাৰ্বত্য জিলা কাৰবি আংলং আৰু ডিমা হাছাওৰ বাবে থকা পাৰ্বত্য এলেকা উন্নয়ণ বিভাগ কৰ্তন কৰি ষষ্ঠ এলেকা উন্নয়ন বিভাগলৈ পৰিৱৰ্তন কৰাক লৈ সৰৱ হৈ পৰিছে জিলাখনৰ দল সংগঠন ৷ আজি কনভেনিং কমিটি ফৰ ইউনিফিকেছন চমুকৈ চিচিইউয়ে ডিফুস্থিত জিলা প্ৰেছ ক্লাৱ প্ৰাঙ্গনত এক সংবাদ মেলৰ আয়োজন কৰি নিজৰ প্ৰতিকাৰী ব্যক্ত কৰে ৷
দুখন পাৰ্বত্য জিলা ক্ৰমে, ডিমা হাচাও আৰু কাৰবি আংলঙৰ আৰ্থিক, ৰাজনৈতিক, সামাজিক, সাংস্কৃতিক আৰু ভাষিক উন্নয়ণৰ বাবে থকা পাৰ্বত্য এলেকা উন্নয়ন বিভাগটো জিলাখনত বসবাস কৰা জনজাতিসকলৰ উন্নয়ন সাধন কৰি আহিছে ৷ ৰাজ্যত ভৈয়াম জনজাতি আৰু পাৰ্বত্য জনজাতিক একাকাৰ কৰাৰ চক্ৰান্তৰে পূৰ্বৰ পাৰ্বত্য উন্নয়ণ বিভাগৰ ঠাইত কেবিনেটৰ সিদ্ধান্তৰ যোগেদি ষষ্ঠ অনুসূচিত এলেকা উন্নয়ণ বিভাগলৈ ৰূপান্তৰৰ সিদ্ধান্ত চিচিইউয়ে মানি ল’ব নোৱাৰে বুলি সদৰি কৰে ৷ চৰকাৰৰ এনে হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে চিচিইউয়ে শনিবাৰে পুৱা ৫ বজাৰ পৰা ১০ বজালৈকে ১০ ঘণ্টীয়া বন্ধ ঘোষণা কৰা হৈছে বুলি চিচিইউৰ আহ্বায়ক খৰচিং টেৰণে সাংবাদিকৰ আগত জানিবলৈ দিয়ে ৷ এই বন্ধৰ পৰা সকলো ধৰণৰ অত্যাৱশ্যকীয় সেৱাক ৰেহাই দিয়া হৈছে বুলি জনায় নেতাগৰাকীয়ে ৷
আনহাতে, এই সন্দৰ্ভত জিলাখনৰ ছাত্ৰ সংগঠন কেএছএইয়ো নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ সাংবাদিকৰ আগত কেএছএৰ প্ৰাক্তন সভাপতি বিজয় বে’ আৰু নৱ নিৰ্বাচিত সভাপতি থানচিং তিমুঙে পাৰ্বত্য জিলা দুখনৰ পৰা পাৰ্বত়্য এলেকা উন্নয়ণ বিভাগ কৰ্তন কৰি ষষ্ঠ অনুসূচিত জাতি এলেকা উন্নয়ণ বিভাগলৈ ৰূপান্তৰিত কৰা সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰে৷ জিলা দুখনৰ পৰা নিৰ্বাচিত হৈ সংসদলৈ যোৱা জনপ্ৰতিনিধি সকলকো ৰাজ্যিক কেবিনেটৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰিবলৈ আহ্বান জনায় ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকো এই সিদ্ধান্ত বাতিল কৰিবলৈ আহ্বান জনাইছে ৷
ইয়াৰোপৰি ৰাজ্যিক কেবিনেটৰ এই সিদ্ধান্তৰ বিৰুদ্ধে চিচিইউয়ে শণিবাৰে আহ্বান জনোৱা ১০ ঘণ্টীয়া বন্ধ ঘোষণা কৰা সিদ্ধন্তক পূৰ্ণ সমৰ্থন জনাইছে ৷ আজিৰ সংবাদ মেলত চিচিইউৰ হৈ আহ্বায়ক তথা জাকাছৰ আহ্বায়ক খৰচিং টেৰণ, এইটি এলৰ নেতা ছায়ছিং ৰংপি আৰু কেএছএৰ প্ৰাক্তন নেতা ৰবিন্দ্ৰ ৰংপিৰ লগতে বহুতো নেতা উপস্থিত থাকে ৷












