![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : ৰাজ্যিক কেবিনেটত দুই পাৰ্বত্য জিলা ক্ৰমে, কাৰবি আংলং আৰু ডিমা হাচাওৰ উন্নয়নৰ বাবে থকা পাৰ্বত্য এলেকা উন্নয়ন বিভাগটোৰ বিলুপ্তি কৰি ষষ্ঠ অনুসূচী এলেকা উন্নয়ন পৰিষদ গঠনৰ সিদ্ধান্তক লৈ জাঙুৰ খাই জিলাখনৰ জাতীয় দল- সংগঠন ৷ এইলৈ আজি সংবাদমেলযোগে চিচিইউয়ে শনিবাৰে ১০ ঘণ্টীয়া বন্ধ ঘোষণা কৰাৰ বিপৰীতে বিয়লি কেএছৱাইচি আৰু কেএফএও যুটীয়া সংবাদ মেলৰ আয়োজন কৰে ৷ সংবাদমেলত কেএছৱাইচি আৰু কেএফৰ নেতাদ্বয় ক্ৰমে, বিপুল তিচ’ আৰু টিংকু ইংতিয়ে পাৰ্বত্য জিলা দুখনৰ পৰা পাৰ্বত্য উন্নয়ন এলেকা উন্নয়ন বিভাগটো কেবিনেটে কাঢ়ি লোৱা সিদ্ধান্তক তীব্ৰ গৰিহণা দিছে ৷
ইয়াৰ বিপৰীতে পাৰ্বত্য আৰু ভৈয়ামৰ জনজাতিক একাকাৰ কৰি ষষ্ঠ অনুসূচী এলেকা উন্নয়ণ পৰিষদ গঠনৰ কেবিনেটৰ সিদ্ধান্ত জিলাখনৰ দল-সংগঠনেও মানি নলয় বুলি কয় ৷ পাৰ্বত্য উন্নয়ণ মন্ত্ৰী ছুম ৰংহাঙে কেবিনেটৰ সভাত উপস্থিত থাকি পাৰ্বত্য জনজাতি বিৰোধী কেবিনেটৰ সিদ্ধান্তৰ কোনো বিৰোধিতা নকৰা আৰু এষাৰো মাত নমতাৰ বাবে তেওঁৰ পদৰ পৰা পদত্যাগ কৰাৰ বাবে দাবী জনায় সংগঠন দুটাৰ নেতৃদ্বয়ে ৷
ইয়াৰোপৰি আন চাৰিজন বিধায়কে সিদ্ধান্তটোৰ বিৰুদ্ধে আপত্তি নকৰাৰ বাবে তেওঁলোকৰো পদত্যাগ দাবী কৰে লগতে কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদকো কেবিনেটৰ এনে হঠকাৰী সিদ্ধান্তৰ সমৰ্থ নকৰি কাৰবি আংলঙৰ জনতাৰ মতামতৰ বাৰ্তা মুখ্য মন্ত্ৰীৰ কৰ্ণ গোছৰ কৰিবলৈ আহ্বান জনায় ৷ অতি শীঘ্ৰে কেবিনেটৰ সিদ্ধান্ত সলনি কৰি পূৰ্বৰ পাৰ্বত্য উন্নয়ন বিভাগ বাহল নকৰিলে তীব্ৰ গণতান্ত্ৰিক আন্দোলন কৰা হব বুলি সকিয়াই দিছে নেতাদ্বয়ে ৷
আনহাতে ডিফুস্থিত কংগ্ৰেছ কাৰ্যালয়তো এক সংবাদমেলৰ যোগেদি জিলা কংগ্ৰেছেও কেবিনেটৰ সিদ্ধান্তৰ বিৰোধিতা কৰে ৷












