![]()
লংকাৰ পৰা মনোজ কুমাৰ পাঠক
কেইদিন পুৰ্বে নিম্ন আৰু উচ্চ শিক্ষানুষ্ঠান শিক্ষক নিযুক্তি আৰু প্ৰাদেশীকৰন কৰি ৰাজ্য চৰকাৰে চমক সৃষ্টি কৰিলে যদিও কিমান নিকা আৰু স্বচ্ছ আছিল এই নিযুক্তি প্ৰক্ৰিয়া জানিলে আপুনি আচৰিত হ’ব৷ সভায়ে সমিতিয়ে দক্ষতাৰে বক্তব্য মাৰি ফুৰা শিক্ষামন্তী হিমন্তবিশ্ব শৰ্মাৰ শিক্ষা বিভাগ আচলতে কিমান দক্ষ আমাৰ এই প্ৰতিবেদন চালে গম পাব৷ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন শিক্ষা বিভাগত এইবাৰ মৃত লোকক দিয়া হৈছে শিক্ষক নিযুক্তি৷ লংকা প্ৰাথমিক শিক্ষাখণ্ডৰ অন্তৰ্গত উদালিত আদৰ্শ প্ৰাথমিক বিদ্যালয়ত নিযুক্তি দিলে এজন মৃত লোকক৷

জানিব পৰা মতে 1984 চনত ৰাইজৰ প্ৰচেষ্টাত মাজ উদালিত স্থাপন কৰা হৈছিল আদৰ্শ প্ৰাথমিক বিদ্যালয়খন৷ বিদ্যালয়খন স্থাপন কৰাৰ পৰাই আলাউদ্দিন বৰভুঁঞা প্ৰধান শিক্ষক আৰু ৰেহেনা বেগম নামৰ মহিলা গৰাকীয়ে সহশিক্ষয়িত্ৰী হিচাবে কৰ্মৰত আছিল৷ বিদ্যালয়খনত বিনাবেতনে কাম কৰি থকাৰ সময়তে যোৱা 2020 চনৰ 4 জুলাই তাৰিখে প্ৰধান শিক্ষকগৰাকীৰ মৃত হয়৷ কিন্তু আচৰীত কথা হ’ল কেনেদৰে মুত্যু 8 মাহৰ পাছত মৃত লোকজনক শিক্ষক হিচাবে শিক্ষা বিভাগে ৷
যি সময়ত লাখ লাখ শিক্ষিত নিৱনুৱা যুৱক-যুৱতীয়ে কৰ্মৰ সন্ধানত গৈ বহি:ৰাজ্যত মৃত্যুবৰণ কৰিব লগা হৈছে, তেনে সময়ত কিয় মৃত ব্যক্তিক দিয়া হৈছে চৰকাৰী চাকৰি৷ অনুকম্পা সহানুভুতি আছে বিনাবেতনে মৃত্যুক সাৱটি লোৱা আলাউদ্দিন বৰভুাঁঞাৰ প্ৰতি ৷ মৃত শিক্ষকজনক নিযুক্তি নিদি পৰিয়ালটোক দিব লাগিছিল আৰ্থিক সাহায্য বাবে অন্য চৰকাৰী সুবিধা৷












