নিউজ ডেক্স:
ভাৰতীয় সেনাৰ হাতলৈ আহিল অর্জুন টেংক। দেওবাৰে চেন্নাইত সম্পূর্ণ দেশীয় প্রযুক্তিত নিৰ্মিত অর্জুন মেইন বেটেল টেংক (MK-1A) সেনাপ্রধান এম এম নৰভনৰ হাতত তুলি দিয়ে ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে। আজি তামিলনাডু আৰু কেৰালাতো একাধিক চৰকাৰী প্রকল্পৰ তেওঁ আধাৰশিলা স্থাপন কৰে।
উল্লেখ্য, এই অর্জুন মেইন বেটেল টেংক নিৰ্মাণ কৰিছে DRDOই। উল্লেখযোগ্য যে কৰোনা মহামাৰীৰ সময়ৰ পৰাই ‘আত্মনির্ভৰ ভাৰত’ গঢ়াৰ আহ্বান দিছিল প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে।
সম্পূর্ণ দেশীয় প্রযুক্তিত নিৰ্মিত এই টেংক হাতত পোৱাৰ পিছত ভাৰতীয় সেনাৰ ক্ষমতা বহুখিনি বৃদ্ধি পাব বুলি অনুমান কৰা হৈছে। এই টেংক অত্যন্ত শক্তিশালী। যিকোনো বিস্ফোৰণ প্রতিহত কৰাৰ ক্ষমতা এই টেংকৰ এক্সপ্লোচিভ ৰিএক্টিভ আর্মাৰৰ।










