নিউজ ডেক্স:
অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ বাবে এই পর্যন্ত ডেৰ হাজাৰ কোটিৰো অধিক ধন অনুদান হিচাবে জমা হৈছে৷ শুক্রবাৰে এই কথা প্ৰকাশ কৰে মন্দিৰৰ পুঁজি তহবিল সংক্রান্ত ট্রাষ্টৰ কোষাধ্যক্ষ স্বামী গোবিন্দদেৱ গিৰি মহাৰাজে৷ তেওঁ জনায়, ১১ ফেব্রুৱাৰী সন্ধিয়া পর্যন্ত ৰাম মন্দিৰ নিৰ্মাণৰ অনুদান হিচাবে জমা হৈছে ১ হাজাৰ ৫১১ কোটি টকা৷
উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে ট্রাষ্টৰ তৰফৰ পৰা জনোৱা হৈছিল, অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ বাবে ১ হাজাৰ ১০০ কোটি টকাৰ প্রয়োজন৷ অৱশ্যে এই অঙ্ক যিকোনো সময়তেই সলনি হৈ যাব পাৰে বুলিও অনুমান কৰা হৈছে৷ কাৰণ প্রকল্প এলেকাৰ ওচৰে-পাজৰেও মাটি কিনাৰ পৰিকল্পনা কৰা হৈছে৷ তাত খৰচ বাঢ়িব পাৰে৷










