![]()
লংকাৰ পৰা মনোজ কুমাৰ পাঠক
হোজাইত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। হেলিকপ্টাৰেৰে হোজাই বিহুতলী খেলপথাৰত অৱতৰণ কৰিয়েই পোনে পোনে হোজাই শিলিগুড়ি বস্তিৰ দলীয় পৃষ্ঠপ্ৰমুখ সভাত অংশ লয়। হোজাইত চৰকাৰীভাৱে অনুষ্ঠিত হোৱা ছটাকৈ কাৰ্য্যসূচীত অংশ লবলৈ উপস্থিত হয় অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। হোজাই শিলিগুৰি বস্তিত অনুষ্ঠিত হোৱা পঞ্চায়ত মেলাৰ পৰিদৰ্শন কৰে। মেলা পৰিদৰ্শণৰ অন্তত সাংবাদিকৰ মুখামুখি হৈ বিজেপি চৰকাৰৰ গুণগান কৰি কংগ্ৰেছক সমালোচনা কৰে। অসমৰ ভোটৰ ৰাইজৰ হৃদয়ত পদুম ফুলৰ ছবিৰ বাহিৰে অন্য ছবি হেনো নাই।
আকৌ বিজেপিয়েই চৰকাৰ গঠন কৰিব। মৈত্ৰী আঁচনিৰ জৰিয়তে নিৰ্মীয়মান হোজাইৰ আৰক্ষী থানাৰ শুভ উদ্ধোধনীৰ লগতে ভাৰ্চুৱেল পদ্ধতিৰে পশ্চিম কাৰ্বি আংলঙৰ হামৰেন, যোৰহাটৰ পুলিচৰ আৰু চৰাইদেওৰ সোণাৰি থানাৰ উদ্বোধন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ সৈতে উপস্থিত থাকে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত, জয়ন্তমল্ল বৰুৱা, হোজাইৰ বিধায়ক শিলাদিত্য আৰু লামডিং সমষ্টিৰ বিধায়ক চিবু মিশ্ৰ উপস্থিত থাকে।
পৰৱৰ্তী সময়ত হোজাই নেতাজী সুভাষ ইণ্ডৰ ষ্টেডিয়ামৰ, হোজাই নীলবাগান সংযোগী পথ, ৰবীন্দ্ৰনাথ বিশ্ববিদ্যালয়ৰ কলা ভৱন নিৰ্মাণৰ আধাৰশিলা উদ্বোধন কৰি হোজাই জুৰাপুখুৰীস্থিত ভূমি সংৰক্ষণ প্ৰকল্পৰ শুভ উদ্বোধনৰ লগতে হোজাই জোৰাপুখুৰী নিৰ্মীয়মান পথছোৱা শুভ উদ্বোধন কৰে।












