নিউজ ডেক্স:
ইণ্টাৰনেট জগতত ব্যক্তিগত সুৰক্ষা আৰু গোপনীয়তাৰ প্ৰসংগত এটি গোচৰত শীর্ষ আদালতৰ পৰা কঠোৰ ধমক খালে ফেচবুক আৰু তাৰ মেছেজিং এপ ৱাটছএপে। দুই কোম্পানীৰ উপৰি এই বিষয়ত কেন্দ্রকো জাননী দিলে আদালতে। তাত ছুপ্রিম কোৰ্টে জনাইছে, নেটিজেনসকলৰ সুৰক্ষা নিশ্চিত কৰিবলৈ আদালতেও হস্তক্ষেপ কৰিব।
উল্লেখ্য, যোৱা জানুৱাৰী মাহত ‘প্রাইভেচী’ নীতিত বহু সলনি আনিবলৈ বিচাৰিছিল ৱাটছএপে। জনোৱা হৈছিল, কোম্পানীটোৰ উক্ত নীতি নামানিলে এপ ব্যৱহাৰ কৰিব নোৱাৰিব ব্যৱহাৰকাৰীসকলে। তাৰ পিছতেই বিভিন্ন মহলৰ পৰা অভিযোগ উঠে, ব্যৱহাৰকাৰীৰ তথ্য ফাদিল কৰিব বিচাৰিছে ৱাটছএপে।
কোম্পানীটোৰ নতুন নীতিক লৈ অস্পষ্টতা সৃষ্টি হোৱাত ৱাটছএপ এৰি মেছেজিং এপ টেলিগ্রাম, ছিগনেল ব্যৱহাৰ কৰা আৰম্ভ কৰে নেটিজেনসকলে। গোচৰ ৰুজু হয় শীর্ষ আদালতত। সেই গোচৰতেই শীর্ষ আদালতে কয়, ‘আপোনালোকৰ কোম্পানীৰ কোটি কোটি টকাৰ ধন-সম্পত্তি থাকিব পাৰে।
কিন্তু গোপনীয়তাক মানুহে আৰু বেছি গুৰুত্ব দিয়ে। তাক নিশ্চিত কৰাই আমাৰ দায়িত্ব আৰু কর্তব্য।’ প্রধান ন্যায়াধীশ এছএ বোবডেই কয়, ‘ব্যক্তিগত তথ্য–সুৰক্ষাক লৈ মানুহ এনেই উদ্বিগ্ন। মেছেজ পঠোৱাৰ ক্ষেত্রত তেওঁলোকৰ মাজত ভয় সৃষ্টি হৈছে, সেই তথ্য গুচি যাব ফেচবুকলৈ।’ অৱশ্যে এই অভিযোগ নস্যাৎ কৰিছে দুয়ো কোম্পানীয়ে।










