![]()
নিউজ ডেক্স:
আজি পুৱা দুলীয়াজান আৰক্ষী চকীৰ সমুখত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। এগৰাকী নৱ-বিবাহিতা বোৱাৰীৰ ৰহস্যজনক মৃত্যুক লৈ সৃষ্টি হয় এই পৰিস্থিতিৰ। স্বামীয়ে পৰিকল্পিতভাৱে পত্নীক হত্যা কৰিছে বুলি অভিযোগ উত্থাপন কৰি দোষীক উচিত শাস্তি প্ৰদানৰ কথা ৰাইজে কয়।
নাহৰকটীয়া পুৰণি কৈৱৰ্ত্ত গাঁৱৰ যুৱতী পুষ্পা দাস যোৱা জানুৱাৰী মাহত এৰাপথাৰ গাঁৱৰ দীপজ্যোতি গগৈ নামৰ যুৱকজনৰ সৈতে বিবাহ পাশত আৱদ্ধ হয় যদিও বিবাহৰ এমাহৰ সম্পূৰ্ণ হোৱাৰ দিনা বিয়লি বিবাহিতা গৰাকীয়ে চিপজৰী লৈ আত্মহত্যাৰ কৰে বুলি কয় স্বামীৰ পৰিয়ালৰ লোকে জনায়।
আনহাতে, বিবাহিতাৰ মাতৃগৃহৰ পৰিয়ালে আত্মহত্যা ঘটনাটোক সম্পূৰ্ণ অস্বীকাৰ কৰি এজাহাৰ দাখিল কৰে। ঘটনাৰ সংক্ৰান্তত দুলীয়াজান আৰক্ষীয়ে গোচৰৰ ভিত্তিত অভিযুক্ত স্বামী দীপজ্যোতি গগৈ আৰু স্বামীৰ জ্যেষ্ঠ ভগ্নী সংগীতা গগৈক গ্ৰেপ্তাৰ কৰি আজি জেল হাজোতলৈ প্ৰেৰণ কৰে ।













