![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মখ্য কাৰ্যবাহী সদস্য তথা কাৰবি শিৰোমনি সন্মান লাভ কৰা তুলিৰম তুলিৰাম ৰংহাঙক প্ৰদান কৰা প্ৰয়াত ছাৰছিং টেৰণ হাবে সমন্বয় বঁটা ৷ উল্লেখযোগ্যযে, প্ৰয়াত ছাৰচিং টেৰণ কাৰবি আদৰবাৰৰ প্ৰতিষ্ঠাপক সভাপতি আছিল ৷ কালি অসম সাহিত্য সভাৰ কাৰবি আংলং জিলা সমিতিৰ হৈ হাৱাইপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এই বঁটা প্ৰদান কৰা হৈছিল যদিও মুখ্য কাৰ্যবাহী সদস্যগৰাকীৰ অনুপস্থিতিত এই বঁটা গ্ৰহণ ডিফু সাহিত্য সভাৰ সম্পাদক জয়ছিং টকবীয়ে ৷

আজি ডিফু ৰাংছিনা ভৱনৰ আনুষ্ঠানিক উদ্বোধনী অনুষ্ঠান এই বঁটা তুলিৰাম ৰংহাঙক প্ৰদান কৰে বিশিষ্ট সাহিত্যিক পদ্মশ্ৰী ৰংবং তেৰাঙে ৷ এই উপলক্ষে জিলাখনত বসবাস কৰা জাতি-জনগোষ্ঠীৰে গামোছা শৰাই, খুৰকী জাপি আদিৰেও উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰে ৷ এই বঁটা লাভ কৰি মুখ্য কাৰ্যবাহী সদস্যগৰাকী আনন্দ আৰু মানসিক সুখ লাভ কৰা বুলি সাংবাদিকক জানিবলৈ দিয়ে ৷












