![]()
মৰিগাওঁ জিলাত সংঘটিত হৈছে এক ডকাইতৰ ঘটনা। মৰিগাওঁৰ পৰা কিছু নিলগত থকা সাতগাওঁ অঞ্চলৰ নিবাসী নীৰৱ দাস নামে ব্যক্তিজনৰ ঘৰত এটা ৬/৭ জনীয়া ডকাইতৰ দলে প্ৰায় দুঘন্টা ধৰি চলাই লুট-পাত।
জানিব পৰা মতে, প্ৰায় ডেৰ মান বজাত উক্ত ডকাইতৰ দলটোৱে বলপূৰ্বকভাৱে নীৰৱ দাসৰ বাসগৃহত প্ৰৱেশ কৰে আৰু তেওঁৰ স্ত্ৰীৰ লগতে থকা চাৰি কন্যাক পিষ্টল তথা তৰোৱালেৰে ভয় খুৱাই হাত-ভৰি বান্ধি শাৰিৰীকভাৱে প্ৰহাৰ কৰিবলৈ আৰম্ভ কৰে। প্ৰায় দুঘন্টা জুৰি কৰা লুটপাত কৰি ডকাইত কেইটাই সোণৰ অলংকাৰকে ধৰি লুটি নিয়ে প্ৰায় ২৫ হাজাৰ টকা। মিকিৰ ভেটা আৰু জালুগুটি আৰক্ষীয়ে খবৰ লাভৰ পিছতেই ঘটনাস্থলীত উপস্থিত হয় আৰু তদন্ত আৰম্ভ কৰে যদিও ডকাইতকেইটাক এতিয়ালৈও কৰায়ত্ব কৰিব পৰা হোৱা নাই।













