![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : ডিফুৰ সাহিত্য ক্ষেত্রলৈ আজি কার্বি আংলং স্বায়ত্তশাসিত পৰষদৰ তৰফৰ পৰা কেইবাটাও গুৰুত্বপূর্ণ প্রকল্পৰ শুভাৰম্ভ কৰা হয়। কার্বি যুৱ মহোৎসৱৰ আৰম্ভণিৰ দিনটোতে আজি কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাঙে এই প্রকল্পসমূহৰ শুভাৰম্ভ কৰে।

উল্লেখযাোগ্য যে, অসম সাহিত্য সভাৰ প্রাক্তন সভাপতি পদ্মশ্রী ৰংবং তেৰাঙৰ সমগ্র সৃষ্টিৰাজীৰ লগতে বিভিন্ন সময়ত সাহিত্যিকগৰাকীয়ে উপহাৰ হিচাপে লাভ কৰা গ্রন্থসমূহ সংৰক্ষণৰ বাবে কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ তৰফৰ পৰা এক সংগ্রহালয় নির্মাণ কৰি দিয়া হৈছিল। ইতিমধ্যে নির্মাণ সম্পূর্ণ হোৱা সাহিত্য ভৱন শীর্ষক গ্রন্থাগাৰ আৰু সংগ্রহালয়টোৰ আজি শুভ উদ্বোধন কৰি আনুষ্ঠানিকভাবে সাহিত্যিকগৰাকীক অর্পণ কৰা হয়। গ্রন্থাগাৰ আৰু সংগ্রহালয়টোৰ শুভ উদ্বোধনৰ পিছতে নিজা অনুভৱ প্রকাশ কৰি বৰেণ্য সাহিত্যিকগৰাকীয়ে এটা সপোনে পূৰ্ণতা পালে বুলি মন্তব্য কৰাৰ লগতে ইয়াৰ বাবে কার্বি আংলং স্বায়ত্তশাসিত পৰিষদকো ধনাবাদ জনায়। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্যকার্যবাহীগৰাকীয়ে ৰংবং তেৰাঙৰ গ্রন্থাগাৰ আৰু সংগ্রহালয়টোৰ পৰিচালনৰ বাবে প্রয়োজন হোৱা পুঁজি আৰু চতুর্থ শ্রেণীৰ কর্মচাৰীৰ ব্যবস্থা কৰা হ’ব বুলি অৱগত কৰে।

উক্ত অনুষ্ঠানতে পৰিষদৰ মুখ্য কার্যবাহীগবাকীয়ে জিলাখনৰ সাংবাদিক আৰু সাহিত্যিকসকলৰ জীৱন বীমাৰ বাবে পৰিষদে বাজেটত পাঁচ কোটি ৬০ লাখ টকা ধার্য কৰা বুলি মন্তব্য কৰে। লগতে ডিফুত থকা জিলা প্রেছ ক্লাৱৰ স্থায়ী ভৱন নির্মাণৰ বাবেও পৰিষদে এছ অ’ পি ডি শিতানৰ পৰা এক কোটি টকা প্রদান কৰিব বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে।

আনহাতে, অসম সাহিত্য সভাৰ ডিফুৰ আঞ্চলিক কার্যালয় ৰাংছিনা ভৱনটো আধুনিকধৰণে সজাবলৈ কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ তৰফৰ পৰা ৫০ লাখ টকা প্রদান কৰা হৈছিল। ইতিমধ্যে নির্মাণ সম্পূর্ণ হোৱা উক্ত ভৱনটোৰো আজি শুভ উদ্বোধন কৰে মুখ্য কার্যবাহীগৰাকীয়ে। উক্ত অনুষ্ঠানতে মুখ্য কার্যবাহী তুলিৰাম ৰংহাঙক পশ্চিম কার্বি আংলং জিলা সাহিত্য সভাই আগবঢ়োৱা ‘ছাৰছিং টেৰণ হাবাই সমন্বয় বঁটাও আজি মুখ্য কার্যবাহীগৰাকীক আনুষ্ঠানিকভাবে প্রদান কৰা হয়।
ইয়াৰ পিছতে মুখ্য কার্যবাহীগৰাকীয়ে দুই কোটি টকা ব্যয়সাপেক্ষে নির্মাণ হ’বলগীয়া কার্বি লাম্মেত আমেই (কাৰ্বি সাহিত্য সভা)ৰ নতুন কার্যালয়, পুথিভঁৰাল, প্রেক্ষাগৃহৰো আধাৰশিলা স্থাপন কৰে ৷












