![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : শান্তি, ঐক্য আৰু সম্প্রীতিৰ মহানবাণীৰে আজিৰে পৰা আৰম্ভ হৈছে ৪৭ সংখ্যক কার্বি যুব মহোৎসৱ কার্বিসকলৰ বর্ণাঢ্য কৃষ্টি সংস্কৃতিৰ চর্চাৰ অন্যতম আকষণীয় ক্ষেত্র হিচাপে বিগত সময়ছোৱাত বিশাল সাংস্কৃতিক প্রেক্ষাপটত এক সুকীয়া পৰিচয় দাঙি ধৰিবলৈ সক্ষম হোৱা তাৰালাংছ’ত বিগত বর্ষসমূহৰ দৰেই আজিৰে পৰা আৰম্ভ হৈছে যুৱ মহোৎসৱৰ বর্ণাঢ্য তথা অভিজাত আয়োজন।

কার্বি পিপলছ হলৰ সুবৃহৎ সাংস্কৃতিক প্রকল্পক্ষেত্রত আজিৰে পৰা আৰম্ভ হোৱা এই সাংস্কৃতিক সমাৰোহৰ অহা ১৯ ফেব্রুৱাৰীত সামৰণি পৰিব। কার্বিসকলৰ স্বকীয় তথা অন্যতম আকর্ষণীয় সাংস্কৃতিক বৈশিষ্ট্যৰ প্রদর্শনৰ অন্যতম গুৰুত্বপূর্ণ আকর্ষণীয় ক্ষেত্র হিচাপে ইতিমধ্যে দেশে-বিদেশে ইয়াৰ খ্যাতি অর্জন কৰিবলৈ সক্ষম হোৱা তাৰালাংছত সমাৰোহৰ দিনসমূহত সমবেত হ’বলগীয়া অগণন শিল্পী তথা সংস্কৃতিপ্রেমী ৰাইজক আদৰিবলৈ সকলোধৰণৰ প্রস্তুতি সম্পূর্ণ কৰি তুলিছে। প্রাকৃতিকভাবেই সৌন্দর্যময় তাৰালাংছক আয়োজক সমিতিয়ে দিনে নিশা একাকাৰ কৰি কৰা শ্রমেৰে অধিক সুন্দৰ আৰু আকর্ষণীয় কৰি তোলাৰ ক্ষেত্রত যত্নৰ কোনো ক্রুটি কৰা নাই।
গোটেই বছৰ ধৰি তাৰালাংছৰ এই সাংস্কৃতিক মহামেলাৰ বাবে উৎসুকতাৰে বাট চাই থকা জনজাতীয় শিল্পীৰ দলসমুহে ইতিমধ্যে উখল-মাখল কৰি তুলিছেহি মহোৎসৱস্থলী। মহোৎসৱৰ উৎসবত সুৱগা চৰাই এইবাৰ কাৰ্বি যুৱ মহোৎসৱত মুঠ ত্ৰিশটাকৈ মাণ্ডলিক সাংস্কৃতিক দলে অংশগ্রহণ কৰিব বুলি কার্বি সাংস্কৃতিক সমাজৰ সভাপতি চন্দ্রছিং ক্ৰৱে জানিবলৈ দিছে।

ইয়াৰে পঁচিশটা সাংস্কৃতিক দল কার্বি আংলং জিলাৰ স্থানীয় শিল্পীৰ হোৱাৰ উপৰিও এইবাৰ বিশ্বনাথ চাৰিআলি, বৃহত্তৰ গুৱাহাটী, সোণাপুৰ, মেঘালয় আৰু বৰাক উপত্যকাৰ পৰাও একোটাকৈ সাংস্কৃতিক দলে মহোৎসৱত অংশগ্রহণ কৰিছেহি। ইয়াকে লৈ কমেও চাৰি সহক্রাধিক শিল্পীৰ নৃত্য-গীতৰ মু্ৰ্চনাৰে মহোৎসৱৰ আটাইকেইটা দিনতে মহোৎসৱস্থলীত মুখৰ কৰি তোলাৰ প্রস্তুতি চলোৱা হৈছে।

উল্লেখযোগ্য যে, তাৰালাংচৰ কার্বি যুব মহোৎসৱস্থলীত অধিক আকর্ষণীয় কৰি তোলাৰ ক্ষেত্রত বিগত সময়ছোৱাত কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ তৰফৰ পৰাও বিশেষ উদ্যোগ গ্রহণ কৰা পৰিলক্ষিত হৈছে। বিশেষকে মহোৎসৱক্ষেত্রলৈ প্রৱেশৰ বাট পথ অতি সুন্দৰকৈ নির্মাণ কৰি উলিওৱাৰ লগতে মহোৎসৱস্থলীত সন্মুখত সাজি উলিওৱা এক সুবৃহৎ তথা সুদৃশ্য প্রৱেশ তোৰণৰ আজি শুভ উদ্বোধন কৰে কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাঙে। তাৰালাংছৰ সাংস্কৃতিক মহোৎসৱ উপভোগ কৰাৰ বাবে যোৱা দর্শকৰ বাবে এইবাব অন্যতম আকর্ষণ হিচাপে গঢ়ি তোলা হৈছে কাজিৰ ৰংহাংপী ক্লক টাৱাৰ আৰু ন থেংপি ৷

উল্লেখযোগ্য যে, কার্বি মহিলাসকলে কাণত পিন্ধা অলংকাৰ (কাণফুলি) নথেংপিৰ নক্সাৰে মহোৎসৱস্থালীত এক বিশেষ ভৱনৰ নির্মাণ ইতিমধ্যে সম্পূর্ণ কৰি তোলা হৈছে। ঠিক সেইদৰে দৃষ্টিনন্দন ক্লক টাৱাৰেও উপস্থিত ৰাইজৰ দৃষ্টি আকর্ষণ কৰাটো নিশ্চিত। মহোৎসৱত এইবাৰ বিদেশী পর্যটকৰ সংখ্যা কিমান হয় সেয়া এতিয়াও নিশ্চিত কৰিব পৰা হোৱা নাই। ইফালে, উৎসাহী দর্শকক কার্বিসকলৰ বাৰেৰহণীয়া সংস্কৃতিৰ সোবাদ দিয়াৰ বাবে গ্রীক আহিত নিৰ্মিত মুল স্থায়ী মঞ্চৰ লগতে আন সকলো মঞ্চ সাজু কৰি তোলা হৈছে। বিভিন্ন সাংস্কৃতিক প্রতিযোগিতা তথা সাংস্কৃতিক কার্যসূচীত অংশগ্রহণৰ বাবে বিভিন্ন স্থানৰ পৰা আহি উপস্থিত হোৱা জাকে জাকে ডেকা-গাভৰু শিল্পীৰ উপস্থিতিয়ে মায়া নগৰীলৈ পৰিণত কৰিব তাৰালাংচৰ সাংস্কৃতিক প্ৰকল্পক ৷ হেলিকপ্টাৰ যোগে ডিফু নগৰ দর্শন কৰাৰ বাবেও দর্শকৰ বাবে ব্যৱস্থা কৰা হৈছে হেলিকপ্টাৰৰ৷ উৎসবৰ আনন্দৰ লগতে ৰং আৰু মনোৰঞ্জনৰ সকলো উপাদানেৰে পৰিপুষ্ট কৰি তোলা হৈছে মোহময়ী তাৰালাংছক।












