![]()
অজন্তা তালুকদাৰ
বোকাখাত : বোকাখাত শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ এদল শিক্ষাৰ্থীক আজি হঠাতে দেখা গ’ল বোকাখাত মহকুমা শ্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালয়ত। এওঁলোকৰ কিন্তু কোনোৱে ৰোগী নহয়। ইংৰাজী মাধ্যমৰ শিক্ষা ব্যৱস্থাৰ প্ৰতি প্ৰত্যাহ্বান জনাই মাতৃভাষাৰ মাধ্যমেৰে সাম্প্ৰতিক সময়ত অগতানুগতিক শৈক্ষিক ধাৰাৰে অসমৰ শিক্ষাৰ জগতখনক এক মাত্ৰা প্ৰদান কৰিছে অসমৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনসমূহে।
এই ধাৰাৰ এক লেখত ল’বলগীয়া শিক্ষানুষ্ঠান বোকাখাত শংকৰদেৱ শিশুবিদ্যা নিকেতনৰ সপ্তম শ্ৰেণীৰ খ শাখাৰ ছাত্ৰ ছাত্ৰী এওঁলোক। বিদ্যালয়খনৰ আচাৰ্যা তথা বিশিষ্ট নাট্যকৰ্মী, সাংস্কৃতিক কৰ্মী স্বপ্নালী বৰুৱাৰ নেতৃত্বত অহা এই শিক্ষাৰ্থীসকলে যোৱা ১২ ফেব্ৰুৱাৰীত ক্ষেত্ৰ ভিত্তিত অধ্যয়নৰ বাবে চিকিৎসালয়খনলৈ আহি স্বাস্থ্য , চিকিৎসা, জন্ম, মৃত্যুৰ পঞ্জীয়নৰ লগতে বহু প্ৰাসংগিক কথাৰ বুজ লয়। পাঠ্যপুথিৰ শিক্ষাৰ লগতে ছাত্ৰ-ছাত্ৰীক বাস্তৱ জীৱনৰ প্ৰয়োজনীয়সকলো শিক্ষাৰে পুষ্ট কৰি এগৰাকী প্ৰকৃত আৰু সজাগ নাগৰিক কৰি তোলাৰ স্বাৰ্থতে শিক্ষাৰ্থীৰ দলটোক সজাগতামূলক এনে ক্ষেত্ৰ ভিত্তিক অধ্যয়নৰ বাবে চিকিৎসালয় পৰিদৰ্শন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে সংবাদ মাধ্যমক জানিবলৈ দিয়ে বিদ্যালয়খনৰ আচাৰ্যা স্বপ্নালী বৰুৱাই।
সুশৃংখলিতভাৱে অহা শিক্ষাৰ্থীৰ দলটোৱে চিকিৎসালয়খনত উপস্থিত স্বাস্থ্য বিষয়া আৰু স্বাস্থ্যকৰ্মীসকলৰ পৰা কিদৰে এজন ৰোগীয়ে বহিঃচিকিৎসা বিভাগ আৰু জৰুৰীকালীন সেৱা পাব পাৰে তাৰ বুজ লয়।
লগতে প্ৰসূতি চিকিৎসা বিভাগ, কিশোৰ কিশোৰীৰ বাবে থকা কাউঞ্চেলিং বিভাগ, পৰীক্ষাগাৰ পৰিদৰ্শনৰ লগতে চিকিৎসালয়খনৰ সকলো বিভাগৰ কৰ্মচাৰীৰ পৰাও তথ্য আহৰণ কৰে আৰু চাফ চিকুনতা বৰ্তাই ৰখা সম্পৰ্কত চাফাই কৰ্মী সকলৰ লগতো মত বিনিময় কৰে দলটোৱে। শিক্ষাৰ্থীৰ দলটোৱে চিকিৎসাধীন হৈ থকা ৰোগীৰ কক্ষও পৰিদৰ্শন কৰে। শিক্ষাৰ্থীৰ দলটোক চিকিৎসালয় পৰিদৰ্শনত আজি বিশেষভাৱে সহযোগিতা কৰে বোকাখাত শ্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ অপূৰ্ব শৰ্মা আৰু মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃ মিলন কুমাৰ লস্কৰে।













