![]()
তাৰালাংচৰ পৰা কামৰুল খান
“বাৰে ৰহণীয়া কৃষ্টি সংস্কৃতিৰ লীলাভূমি তাৰালাংচৰ বৃহৎ সাংস্কৃতিক প্ৰকল্পত আজিৰে পৰা আনুষ্ঠানিকভাবে শুভাৰম্ভ হ’ল ৪৭ সংখ্যক কাৰবি যুৱ মহোৎসৱ৷ উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত চহকী কৃষ্টি সংস্কৃতিৰে স্বকীয়তা ৰক্ষা কৰি আহিছে কাৰবিসকলৰ যুৱ মহোৎসৱটিয়ে ৷ দ্বিতীয় দিনা আনুষ্ঠানিকভাবে আৰম্ভ হোৱা ৪৭ সংখ্যক কাৰবি যুৱ মহোৎসৱটি উদ্বোধন কৰি সমন্বয়ৰ বাৰ্তা প্ৰেৰণ কৰে কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ৷ উৎসৱথলীত বিভিন্ন জাতি-জনগোষ্ঠীৰ লোক কৃষ্টি-সংস্কৃতিৰে বৰ্ণময় হৈ পৰে কাৰবি সাংস্কৃতিক প্ৰকল্প তাৰালাংচ ৷

জিলাখনৰ ভিন্ন প্ৰান্তৰ পৰা অহা শিল্পীসকলৰ হাতে হাতে চেংপি, চেংচ’, চেংবৰুক, চং আদিৰে শোভাবৰ্দ্ধিত হোৱাৰ লগতে মূৰত পহ’ ৱজাৰু,আংনি, পুৰুষৰ গাত চইক’ চয়াং, তিৰুতাৰ গাত পিনি, পেকক, কঁকালত ৱামকক, দুই হাতত চংনক আদিৰে কাৰবি ৰিচ’ নিমচ’ সকলে বৰ্ণিল শোভাযাত্ৰা উলিয়াই পতাকা উত্তোলন থলীত উপস্থিত হয়৷ শিল্পী গ্ৰামৰ পৰা ওলোৱা সাংস্কৃতিক শোভাযাত্ৰাটিৰ নেতৃত্ব প্ৰদান কৰে কেচিএছৰ সভাপতি চন্দ্ৰচিং ক্ৰই৷ ইয়াৰ পিছতেই ক্ৰমে পতাকা উত্তোলনৰ পিছত জিলাখনৰ উত্থান-পতনত প্ৰাণ আহুতি দিয়া লোকসকলৰ আত্মাৰ সদ্গতি কামনা কৰি শ্বহীদ তৰ্পন কৰা হয়।

আনহাতে, কাৰ্বি ৰজাকে প্ৰমুখ্য কৰি বৰেণ্য সাহিত্যিক ৰংবং তেৰাং, কাৰ্বি কালচাৰেল ছচাইটিৰ সভাপতি চন্দ্ৰছিং ক্ৰ’, সাংসদ হৰেণছিং বে, কাৰ্বি আংলঙৰ বিভিন্ন জাতীয় সংগঠনৰ নেতৃবৰ্গ লগতে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অন্যান্য কাৰ্যবাহীসকল উপস্থিত থাকে ৷

ইয়াৰ পূৰ্বে শিল্পী গ্ৰামৰ পৰা বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাৰে হেমফু মুক্ৰাং বাকৰিত উপস্থিত হয় শিল্পীসকল। নৱ ৰূপত প্ৰাণ পাই উঠিছে উঠিছে ডিফুৰ তাৰালাংছ’ৰ বাকৰি। উত্তৰ-পূৱ ভাৰতৰ পুৰণি যুৱ মহোৎসৱটিয়ে ইতিমধ্যে গৰকিছে ৪৭টা গৌৰৱোজ্জ্বল বৰ্ষ। গুৱাহাটী, বিশ্বনাথ চাৰিআলি আদি ভিন্ন স্থানৰ লগতে কাৰ্বি আংলঙৰ কাৰ্বি কালছাৰেল ছচাইটিৰ অতি কমেও ৩০টা সাংস্কৃতিক মণ্ডলে অংশগ্ৰহণ কৰিছে।

ইয়াৰোপৰি ৪৭ সংখ্যক কাৰবি যুৱ মহোৎসৱস্থলীত এক ব্যতিক্ৰমী কাৰ্যসূচী হিচাপে উদ্যোক্তাসকলে হেলিকাপ্তাৰেৰে উৎসৱ চোৱাৰ ব্যৱস্থা কৰিছে ৷ আনহাতে সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰা প্ৰতিজন প্ৰতিযোগীয়ে কৰোণা প্ৰতিৰোধৰ বাবে মুখত মাস্ক পৰিধান কৰাই বিশেষ তাৎপৰ্য বহন কৰিছে ৷












