নিউজ ডেক্স:
বিশ্বত ক’ৰোনা ভাইৰাছে বাহ বন্ধাৰ পিছৰ পৰাই বহু বিভ্রান্তিকৰ আৰু ভুৱা খবৰ বিয়পি পৰিছে ছচিয়েল মিডিয়াত। তেনে ধৰণৰেই এক ভুৱা খবৰৰ কবলত পৰি লণ্ডন নিবাসী এগৰাকী মাতৃ আৰু তেওঁৰ সন্তানে চাৰি দিন ধৰি মূত্র পান কৰে৷ কাৰণ এটি ভুৱা খবৰটো অনুযায়ী মূত্র পান কৰিলে কোভিড–১৯ নিৰাময় হৈ যায়।
নাম প্রকাশত অনিচ্ছুক মহিলাগৰাকীয়ে জনাইছে যে তেওঁ ৱাটছএপত তেওঁৰ বন্ধুৰ পৰা এটি ফৰৱার্ড মেছেজ লাভ কৰে, য’ত উল্লেখ আছিল যে মূত্র পান কৰিলে আঁতৰি যাব ক’ৰোনা ভাইৰাছ। এই মেছেজক ভৰসা কৰিয়ে ইয়াৰ সত্যাস ত্যবিচাৰ নকৰাকৈ মহিলাগৰাকীয়ে তেওঁৰ নিজৰ মূত্র পান কৰে আৰু তেওঁৰ সন্তানকো তেওঁলোকৰ মূত্র পান কৰায়।
বিগত চাৰি দিন ধৰি এইটো কৰাৰ পিছত মহিলাগৰাকীয়ে বুজিব পাৰে যে এই পদ্ধতি কোনো কামত লগা নাই। মহিলাগৰাকীয়ে ইয়াকো জনাইছে যে তেওঁ টীকা বিশ্বাসী নহয়, বৰং ঘৰুৱা উপায়েৰে এই মাৰণ ৰোগৰ পৰা মুক্তি পাব পাৰে বুলিয়েই তেওঁ অধিক বিশ্বাস কৰে।
উল্লেখ্য, মধ্য–পশ্চিম লণ্ডনৰ হেল্থ ৱাটচৰ ৰিপোর্টত কোৱা হৈছে, ‘কিছু ভিডিও তেওঁ পাইছে য’ত দাবী কৰা হৈছে কোভিড–১৯ নিৰাময় কৰিবলৈ হ’লে প্রত্যেকদিনে পুৱা নিজৰ মূত্র পান কৰক। তেওঁ আৰু তেওঁৰ সন্তানে চাৰি দিন ধৰি সেয়াই কৰে।’











