নিউজ ডেক্স:
অপ্রত্যাশিত প্ৰচণ্ড তুষাৰপাতৰ কবলত আমেৰিকাৰ টেক্সাছ আৰু নিকটবৰ্ত্তী অঞ্চলসমূহ । তুষাৰপাতৰ বাবে টেক্সাছৰ তাপমাত্রা বহুত বেছি কমি গৈছে । এই তুষাৰপাতত মৃত্যু হৈছে একাধিক লোকৰ। তুষাৰপাতৰ লগতে টেক্সাছলৈ নামি আহিছে বৃহৎ বিদ্যুত বিপৰ্যয়ো ৷
ইয়াৰ ফলত বহু অঞ্চলত বিদ্যুতৰ চাহিদা বৃদ্ধি পাইছে। ফলস্বৰূপে বহু এলেকাত বিদ্যুৎ সৰবৰাহ বন্ধ ৰাখি অন্য এলেকাত বিদ্যুত সৰবৰাহ কৰিব লগা হৈছে। আমেৰিকাৰ বিদ্যুৎ সৰবৰাহ পর্যবেক্ষণকাৰী ৱেবচাইটত প্ৰকাশ কৰা তথ্য অনুসৰি, স্থানীয় সময়ৰ হিচাপত সোমবাৰে ৰাতি ২বজাৰপৰা ৪১ লাখৰো অধিক গ্রাহক বিদ্যুৎ পৰিষেৱাৰপৰা বিচ্ছিন্ন হৈ থাকিব লগীয়া হয়।
দক্ষিণ টেক্সাছৰ প্রশাসনিক কর্মকর্তাসকলে চহৰবাসীক ঘৰৰ ভিতৰ গৰম কৰি ৰখাৰ বাবে ঘৰত হিটাৰ ব্যৱহাৰ নকৰিবলৈ সতর্ক কৰি দিছে।
এই বিপর্যয়ৰ বাবে টিকাদানকেন্দ্রসমূহো বন্ধ হৈ আছে। বৃহস্পতিবাৰৰপৰা এই কেন্দ্ৰসমূহ খুলিব বুলি আশা কৰা হৈছে। টেক্সাছৰ স্বাস্থ্য বিভাগে জনাইছে, এই অসুবিধা সমূহৰ বাবে ৰাজ্যত ভেক্চিনৰ সৰবৰাহত বিলম্বও হ’ব পাৰে।
পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ ৰাষ্ট্ৰপতি জ’ বাইডেনে জৰুৰীকালীন অৱস্থা জাৰি কৰিছে। যি সময়ত জৰুৰীকালীন অৱস্থা জাৰি কৰা হয়, সেইসময়ত টেক্সাছৰ বিভিন্ন এলেকাত তাপমাত্রা আছিল হিমাঙ্কৰ ২ ৰপৰা ২২ ডিগ্রী ছেলছিয়াছৰো তলত।











