![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : অসমৰ পার্বত্য জিলাকেইখনৰ কেইবাটাও দীর্ঘদিনীয়া ৰাজনৈতিক দাবীকে ধৰি বিভিন্ন দাবী পূৰণ কৰাৰ আর্জিৰে আজি কেন্দ্রীয় গৃহমন্ত্রীলৈ এখনি স্মাৰক-পত্র প্রেৰণ কৰিছে কার্বি আংলং জিলাৰ অন্যতম সশস্ত্র বিদ্রোহী সংগঠন পিপলছ ডেম ক্রেটিক কাউন্সিল অব কার্বি লংৰি চমুকৈ পি ডি চি কেই। আজি পুৱাৰ ভাগত আই বিৰ গুবাহাটীস্থিত যুটীয়া সঞ্চালকৰ জৰিয়তে কেন্দ্রীয় গৃহমন্ত্রীলে প্রেৰণ কৰা স্মাৰক-পত্রখনত কার্বি আৰু আৰু ডিমা হাচাও জিলাৰ দীর্ঘদিনীয়া ৰাজনৈতিক সমস্যা সন্দর্ভত সবিস্তাৰে ব্যাখ্যা কৰাৰ লগতে ইয়াৰ সমাধানৰ বাবে সংগঠনটোৰ তৰফৰ পৰা কেন্দ্রীয় গৃহমন্ত্রীৰ ওচৰত কেইবাটাও গুৰুত্বপূর্ণ আৰ্জি জনোৱা হৈছে। পি ডি চি কেৰ অধ্যক্ষ জে কে লিজাং স্বাক্ষৰিত স্মাৰক-পত্রখনত পার্বত্য জিলাকেইখনৰ দীর্ঘদিনীয়া ৰাজনৈতিক সমস্যাৰ স্থায়ী সমাধানৰ স্বার্থত ভাৰতীয় সংবিধানৰ ২৪৪ (ক) ৰূপায়ণ কৰাৰ দাবী জনোৱাৰ লগতে ভাৰতীয় সংবিধানৰ ২৪৪ (ক) অনুচ্ছেদৰ অধীনত এখন স্বায়ত্তশাসিত ৰাজ্য গঠনৰ বাবে উ্থাপিত হোৱা দাবী সন্দর্ভত অধ্যয়নৰ লগতে কার্বি আংলং স্বায়ত্তশাসিত পৰিষদ তথা অন্যান্য সংগঠনসমূহৰ সৈতে আলোচনাৰ বাবে এগৰাকী আয়ুক্তক নিযুক্তি প্রদানৰ বাবে দাবী জনোৱা হয়।

আনহাতে, কার্বি আংলং জিলাৰ বাহিৰেও অসমৰ অন্য এঘাৰখন জিলাত কার্বিসকলৰ বসতি আছে বুলি উল্লেখ কৰি স্মাৰক-পত্ৰখনত কোৱা হয় যে, ডিমাচা, গাৰো, তিৱা আদি জনজাতিসকলক স্বায়ত্তশাসিত জিলাৰ অন্তর্গত এলেকা আৰু অন্য জিলাতো অনুসূচীত জনজাতিৰ মৰ্যাদা প্রদান কৰাৰ কথা উল্লেখ কৰি স্বায়ত্তশাসিত জিলাৰ বাহিৰৰ এলেকাত বসবাস কৰি থকা কার্বিসকলকো অনুসূচীত জনজাতিব সকলো সা-সুবিধা প্রদানৰ বাবে দাবী জনোৱা হয়।

আনহাতে, মিছিং, তিৱা, ৰাভা, বড়ো আদি জনজাতীয় লোকসকলৰ আৰ্হিত স্বায়ত্তশাসিত এলেকাৰ বাহিৰত বসবাস কৰা কাৰ্বিসকলৰ বাবে ভৈয়াম কার্বি স্বায়ত্তশাসিত পৰিষদ গঠন কৰাৰ লগতে ইয়াক উপগ্রহীয় ব্যৱস্থাৰ জৰিয়তে কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ সৈতে সংযুক্ত কৰাৰ দাবী জনোৱা হয়।

ইয়াৰ উপৰি সকলো চৰকাৰী সাহার্যপ্রাপ্ত বিদ্যালয়ত উচ্চতৰ মাধ্যমিক শ্রেণী পর্যন্ত কার্বি ভাষা শিক্ষকৰ নিযুনক্তি প্রদান। গুৱাহাটীৰ শংকবদেৱ কলাক্ষেত্রৰ আৰ্হিত সোণাপুৰত কার্বি সাংস্কৃতিক কেন্দ্র স্থাপন, বিশ্বনাথ চাৰিআলি, গহপুৰ নগাঁও, হোজাই, জাগীৰোড শিলচৰ, গোলাঘাট, নংপো (মেঘালয়) আৰু ডিমাপুৰ (নাগালেণ্ড)ত আঞ্চলিক কাৰ্বি সাংস্কৃতিক কেন্দ্র স্থাপন আৰু নাগালেণ্ড অৰুণাচল প্রদেশ আৰু মেঘালয়ত অনুসূচিত জনজাতিৰ তালিকাত ‘মিকিৰ সলনি কৰি কাৰ্বি শব্দৰ ব্যৱহাৰৰ দাবী জনোবা হয়। ইয়াৰ উপৰিও কার্বি আংলং স্বায়ত্তশাসিত পৰিষদ এলেকা তথা অসমৰ অন্যান্য কার্বি জনজাতি অধ্যুষিত এলেকাৰ অর্থনৈতিক উন্নয়নৰ স্বার্থত প্রাথমিকভাবে কমেও পাঁচ হাজাৰ কোটি টকাৰ আর্থিক সাহায্য প্রদানৰ বাবেও স্মাৰক-পত্র যোগে দাবী জনোৱা হয়।

আনহাতে, সংগঠনটোৰ কেডাৰসকলৰ তান্ত্পূর্ণ ভবিষ্যতৰ স্বার্থত পি ডি চি কেৰ সকলো কেডাৰৰ বিৰদ্ধে থকা অপৰাধমূলক গোচৰৰ পৰা ক্ষমাদান কৰাৰ লগত কেডাৰসকলৰ পুনঃসংস্থাপনৰ বাবে বিত্তীয় অনুদানৰ বাবে আবেদন জনোৱা হয়। আজিৰ এই স্মাৰক-পত্র প্রদান অনুষ্ঠানত কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাং, মুখ্য কার্যবাহীগৰাকীৰ উপদেষ্টা এলৱিন টেৰণ, পি ডি চি কেৰ অধ্যক্ষ জে কে লিজাং আৰু সংগঠনটোৰ আন এগৰাকী শীর্ষনেতা কংকাট টেৰণ উপস্থিত থাকে।

প্রসংগক্রমে উল্লেখযোগ্য যে, অহা ২৫ ফেব্রুৱাৰীত অসম ভ্রমণলৈ আহিবলগীয়া কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে কাৰ্বি আংলং জিলাৰ ডেনগাঁৱত এখনি বিশাল ৰাজহুৱা সভাত অংশগ্রহণ কৰিব। গৃহমন্ত্ৰীগৰাকীৰ উক্ত সভাখন সফল কৰি তুলিবৰ বাবে ইতিমধ্য কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ তৰফৰ পৰা ব্যাপক আয়োজন চলোৱা হৈছে। কেন্দ্রীয় গৃহমন্ত্রীগৰাকীৰ এনে ভ্রমণৰ প্রাকমূহুর্তত উক্ত স্মাৰক-পত্র প্রেৰণ বিশেষ গুৰুত্বপূর্ণ বিবেচিত হৈছে। আনহাতে, জিলাখনত বহু বছৰ ধৰি সশস্ত্র তৎপৰতা অব্যাহত ৰখা পি ডি চি কেই ১৭ ফেব্রুৱাৰীৰ পৰা কার্যকৰী হোৱাকৈ অলপতে একপক্ষীয় যুদ্ধবিৰতি ঘোষণা কৰিছিল।













