নিউজ ডেক্স:
নিউ জাৰ্ছিৰ আটলান্টিক চহৰত থকা ট্রাম্পৰ ৩৪ মহলীয়া কেচিন’ ভাঙি গুৰি কৰি পেলোৱা হ’ল। এই ঘটনা চাবলৈ দূৰ দূৰণিৰপৰা মানুহ আহি ভিৰ কৰিলেহি উক্ত কেচিন’ৰ কাষত।
জানিবলৈ পোৱা গৈছে, ড’নাল্ড ট্ৰাম্পৰ মালিকাধিন এই কেচিন’টো ভঙাৰ দৃশ্য চাবলৈ ৪০,০০০ টকা পৰ্যন্ত খৰচ কৰি আহিল মানুহ ।
ৰাতিপুৱা প্ৰায় ৯বজাত বিকট শব্দ বিস্ফোৰণেৰে খহি পৰিল বৃহৎ বিল্ডিংটো মাত্র ২০ ছেকেণ্ডত ৷চহৰখনৰ মেয়ৰে এই ঘটনাক এক ঐতিহাসিক মুহূর্ত আখ্যা দিলে ।











