![]()
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসম চৰকাৰৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ উপস্থিতিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ‘চেণ্টাৰ ফৰ পেৰিছেবল কাৰ্গো’ৰ শুভ উদ্বোধন কৰে। মুখ্যমন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে ৬০০ কিঃগ্ৰাঃ শাক-পাচলিৰ ৰপ্তানি হ’বলগীয়া কাৰ্গোৰ শুভাৰম্ভ কৰে।
ৰাজ্যৰ কৃষকক অধিক শক্তিশালী কৰি কৃষিজাত সামগ্ৰীৰ সঠিক মূল্য সংযোজনেৰে পেৰিছেবল উৎপাদনৰ ৰপ্তানি বৃদ্ধি কৰাত এই অত্যাধুনিক ব্যৱস্থাই বিশেষভাৱে সহায় কৰিব। কেন্দ্ৰটোৱে সামগ্ৰী ৰপ্তানিৰ ক্ষেত্ৰত থকা আন্তঃগাঁথনিমূলক বাধাসমূহ দূৰ কৰাতো উল্লেখযোগ্য ভূমিকা পালন কৰিব।












