![]()
নগাঁও : ২০২০ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত হোজাই জিলাৰ বৰবহা হাইস্কুলৰ পৰা সৰ্বোচ্চ নম্বৰ লাভ কৰি উত্তীৰ্ণ হোৱা মেধাৱী ছাত্ৰ আশিস দাসক আজি ‘বিভা বৰকটকী প্ৰতিভা বঁটা’ প্ৰদান কৰা হয় । বিভা বৰকটকী একাডেমি ফাউণ্ডেচনৰ তৰফৰ পৰা উক্ত বঁটাটি আগবঢ়োৱা হয়।
আজি বৰবহা হাইস্কুলত অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি নগাঁও আৰু হোজাই জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক মৃদুল কুমাৰ নাথে মেধাৱী ছাত্ৰ আশিস দাসক বঁটাটি প্ৰদান কৰে। বঁটা প্ৰদান কৰি দিয়া ভাষণত বিদ্যালয়সমূহৰ পৰিদৰ্শক নাথে পিতৃ, মাতৃ আৰু শিক্ষাগুৰুৰ প্ৰতি শ্ৰদ্ধাশীল হৈ ছাত্ৰ-ছাত্ৰীসকলক অধ্যয়নত ব্ৰতী হবলৈ আহ্বান জনায় । প্ৰসংগ ক্ৰমে তেওঁ নিজৰ জীৱনৰ উদ্ধৃতিৰে ছাত্ৰ অৱস্থাত কঠোৰ শ্রমৰ মাজেৰে কেনেদৰে শিক্ষা গ্রহণ কৰিছিল সেই বিষয়ে ছাত্ৰ-ছাত্ৰীসকলক অৱগত কৰি সকলো প্ৰত্যাহ্বান নেওচি আগবাঢ়ি যাবলৈ আহ্বান জনায়। বিদ্যালয়খনৰ প্ৰধান শিক্ষক ৰূপক ৰয়ৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত সাংবাদিক জিতেন বৰকটকীয়ে প্ৰকৃত শিক্ষা আহৰণেৰে নিজকে প্ৰস্তুত কৰি সমাজৰহিতৰ বাবে মনোনিৱেশ কৰিবলৈ ছাত্ৰ-ছাত্ৰীসকলক আহ্বান জনায় । সভাত বিভা বৰকটকী একাডেমি ফাউণ্ডেচনৰ হৈ আদৰণি ভাষন প্ৰদান কৰে বিভা বৰকটকীৰ কনিষ্ঠ পুত্র তথা নগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ শৰৎ বৰকটকীয়ে।
ইয়াৰ পূর্বে বিভা বৰকটকীৰ প্ৰতিচ্ছবিত বিশিষ্ট অতিথিসকলৰ লগতে তেওঁৰ পৰিয়ালৰ সদস্য আৰু বিদ্যালয়খনৰ শিক্ষক, ছাত্ৰ-ছাত্ৰীসকলে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

আনহাতে সভাস্থলীত উপস্থিত থকা অঞ্চলটোৰ শ্ৰমজীৱি পাঁচগৰাকী মহিলাক মাতৃ জ্ঞান কৰি অধ্যক্ষ ডঃ শৰৎ বৰকটকীয়ে তেওঁলোকৰ চৰণ স্পৰ্শ কৰি সেৱা জনাই একোটিকৈ উপহাৰ প্ৰদান কৰে । এই ক্ষেত্রত ডঃ বৰকটকীক সহযোগ কৰে তেওঁৰ পত্নী তথা নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ অধ্যক্ষা দীপিকা লস্কৰে। অধ্যক্ষ ডঃ বৰকটকীৰ এনে মহানুভৱতাৰ সকলোৱে শলাগ লয় ।
উল্লেখ্য যে, বৰবহা অঞ্চলৰ প্ৰয়াত শিক্ষাবিদ তথা সমাজসেৱক নীলকান্ত বৰকটকীৰ পৰিবাৰ বিভা বৰকটকীৰ স্মৃতিত পৰিয়ালৰ লোকে বৰবহা হাইস্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত সৰ্বোচ্চ নম্বৰ লাভ কৰা শিক্ষাৰ্থীজনক বিগত তিনি বছৰে বিভা বৰকটকী বঁটা প্ৰদান কৰি আহিছে। উক্ত বঁটাত কৃতী শিক্ষাৰ্থীগৰাকীক শৰাই,গামোচা, মানপত্ৰ আৰু নগদ ধন প্রদান কৰা হয়। বঁটা প্ৰদান অনুষ্ঠানত বিভা বৰকটকীৰ জ্যেষ্ঠ পুত্র অনন্ত বৰকটকী, কনিষ্ঠ পুত্র ডঃ শৰৎ বৰকটকী, বোৱাৰী দীপিকা লস্কৰ, নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ শিক্ষক হিৰণ্য শৰ্মাৰ উপৰি বৰবহা হাইস্কুলৰ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে ।
আনহাতে বিদ্যালয়খনত আজি দশম শ্রেণীৰ ছাত্র-ছাত্রীসকলৰ এখনি বিদায় সভাও অনুষ্ঠিত হয়।













