ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Singing Contest
  • Contact Us
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Singing Contest
  • Contact Us
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

কলা-সংস্কৃতিৰ স্বৰ্গভূমিলৈ পৰ্যবশিত তাৰালাংছৰ বাকৰি

৪৭ সংখ্যক কাৰ্বি যুব মহোৎসৱৰ আজি সফল সামৰণি

News Desk by News Desk
February 19, 2021
Reading Time: 1min read
0


ষ্টাফ ৰিপ’ৰ্টাৰ

RELATED POSTS

এখন হোষ্টেলতে ২২৯ জন আক্রান্ত ! মহাৰাষ্ট্ৰত ৪ মাহ পিছত পুনৰ ৮ হাজাৰ সংক্রমণ

প্ৰবীণ শিল্পী কূল বৰুৱা আৰু নাই

এমাহত তিনিবাৰত ১০০ টকা ! মাজনিশা পুনৰ বাঢ়িল ৰন্ধন গেছৰ মূল্য

ডিফু : কলা সংস্কৃতিৰ স্বৰ্গভূমিলৈ পৰ্যবশিত হৈছে তাৰালাংছৰ বাকৰি ৷ পাঁচদিন জোৰা বিস্তৃত কার্যসূচীৰে যোৱা ১৫ ফেব্রুৱাৰীৰ পৰা ডিফু সমীপৰ তাৰালাংছত চলি থকা ৪৭ সংখ্যক কাৰ্বি যুব মহোৎসৱৰ আজি সফল সামৰণি পৰে। বিগত দিনসমুহৰ দৰেই মহোৎসৱৰ অস্তিম দিনটোতো শিল্পী, প্রতিযোগী, দর্শক সকলোৰে মাজত সীমাহীন উৎসাহ আৰু আনন্দ দেখিবলৈ পোৱা যায়। মহোৎসৱৰ কেইবাটাও মঞ্চত সমান্তৰালভাবে চলি থকা বিভিন্ন প্রতিযোগিতা, সাহিত্যৰ আলোচনাই মুখৰ কৰি ৰাখে মহোৎসৱস্থলী। বিগত দিনসমূহৰ দৰেই চেং, পংচি, চেবুকপৰ মনোমোহা সুৰৰ ছন্দইবৃহৎ পৰিসৰৰ মহোৎসৱ স্থলীত এক অনন্য পৰিৱেশৰ সূচনা কৰে।

উল্লেখযোগ্য যে, মহোৎসৱৰ আনন্দৰ ভাগ লোৱাৰ উদ্দেশ্যে কালিৰ দিনটোত অবিশ্বাস্য জনসমাগমে বিৰ দি বাট নোপোৱা পৰিস্থিতিৰ সৃষ্টি কৰে। জিলাখনৰ বিভিন্ন প্রান্তব পৰা মহোৎসৱৰ আনন্দ উপভোগ কৰাৰ বাবে অহা জাকে জাকে সংস্কৃতিপ্রেমী জনতাৰ সোঁত আজিও অব্যাহত থাকে। শ শ বিভিন্ন সামগ্রীৰ বিপণিত আজি পুৱাৰ পৰাই গ্রাহকে ভীৰ কৰা পৰিলক্ষিত হয়। যুৱ মহোৎসৱটিৰ আৰম্ভনিৰ দিনৰে পৰাই তাৰালাংচৰ চৌদিশে শৃংখলাবদ্ধভাবে সজাই তোলা প্ৰদৰ্শনী, গ্ৰন্থ বিপনী, আত্মসহায়ক গোটৰ মেলাস্থলী, কুটীৰশিল্প, ভোজমেলা যুৱক- যুৱতীসকলৰ নৃত্য গীতে দৰ্শকসকলক চাৰিটা দিন আত্মবিভোৰ কৰি ৰাখে ৷ জনগোষ্ঠীয়, খাদ্য সম্ভাৰৰ ফুৰফুৰীয়া গোন্ধই তাৰালংচৰ চৌপাশ আমোল মোলাই ৰাখিছে ৷ বিশেষকৈ কাৰবি জনজাতীয় খাদ্য সম্ভাৰ, বি-অক(ছাগলী মাংস), ফাক’-অক (গাহৰি মাংস), ৱ’-অক (কুকুৰা মাংস), আন কিমুঙ (চুঙাত দিয়া ভাত), আন কিউপ (সিজুৱা ভাত) , বাৰা আচিৰজা (ভাপত দিয়া ভাত), ৱক লাংপং কিমুঙ, ৱক কিমুঙ (পাতত দিয়া ভাত) আদিয়ে যুৱ মহোৎসৱলৈ অহা লোকসকলত তৃপ্তি প্ৰদান কৰে ৷

কার্বি মহিলাসকলব কাণত পিন্ধা অলংকাৰ নথেংপি’ৰ আহিত নির্মাণ কৰি উলিওৱা বিশেষ ভৱনটোৱেও এইবাৰ মহোৎসৱৰ অন্যতম আকৰ্ষণ । এনেদৰেই কার্বিসকলৰ লোকশিল্প, লোকসংগীত, পৰম্পৰা ৰাগত ক্রীড়াৰ প্রতিযোগিতা-প্রদর্শনৰ উল্লাস-উদ্যামে উৎসৱ থলীলৈ পৰ্যৱশিত হয় ৷ বিপণিসমূহত গ্রাহক-ক্রেতাৰ ব্যস্ততা, থলুৱা খাদাশৈলীৰ প্রতি দর্শকৰ আকর্ষণ, মহোৎসৱ উপলক্ষে সাজি উলিওৱা বিভিন্ন জনগােষ্ঠীয় গাঁওসমূহত কার্বি যুব মহােৎসবক বিভিন্ন জাতি-জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতিৰ মহা মিলনৰ থলীলৈ পৰিণত কৰে।

ADVERTISEMENT

আজি বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতিৰ অপূর্ব মহামিলনেৰ সৃষ্টি কৰে জনগোষ্ঠীয় সাংস্কৃতিক মহামিলনৰ থল ৷ বিভিন্ন মঞ্চত পৰাম্পৰাগত ক্ৰীড়া নৃত্য, গীত সাংস্কৃতিক কাৰ্যসূচীয়ে দৰ্শক সকলক আপ্লুত কৰে ৷ কার্বি যুৱ মহোৎসৱৰ যোৱা নিশাৰ সাংস্কৃতিক অনুষ্ঠানত উপস্থিত থাকে অসম সাহিত্য সভাৰ প্রধান সম্পাদক যাদৱ শর্মা। মহোৎসৱৰ মঞ্চত আয়োজক সমিতিৰ সম্বর্ধনা গ্রহণ কৰি প্রদান কৰা ভাষণত অসম সাহিত্য সভাৰ প্রধান সম্পাদকগৰাকীয়ে কাৰ্বি সাংস্কৃতিক সমাজৰ পৰাও অসম সাহিত্য সভাই বহু শিকিবলগীয়া আছে বুলি মন্তব্য কৰে৷ কার্বি যুৱ মহোৎসৱৰ আদৰণি সমিতিৰ সাধাৰণ সম্পাদক বিদ্যাছিং ৰংপিয়ে যোৱা দিনকেইটাত সকলো কার্যসূচী সফলতাৰে সম্পন্ন হোৱা বুলি মন্তব্য কৰি এইক্ষেত্রত ৰাইজৰো প্রভৃত সঁহাৰি লাভ কৰা বুলি মন্তব্য কৰে জিলাখনৰ বিভিন্ন জনগোষ্ঠীৰ লোকে এই মহোৎসবত অংশগ্রহণ কৰা বুলি মন্তব্য কৰি কাৰ্বি যুব মহোৎসৱৰ বাবে ই এক আশাব্যঞ্জক বার্তা বহন কৰিছে বুলি সম্পাদকগৰাকীয়ে মন্তব্য কৰে। কৰনাসৃষ্ট প্রতিকূল পৰিৱেশৰ পিছত বহুদিনীয়া প্রস্তুতিৰে আয়োজন কৰা কার্বি যুৱ মহোৎসৱৰ সামৰণিৰ লগে লগে কাইলৈৰ পৰা নিজম পৰিব কার্বি পিপলছ হলৰ সুবৃহৎ সাংস্কৃতিক ক্ষেত্র।

Like this:

Like Loading...

Related

Tags: Featured
Share6Tweet4Send
News Desk

News Desk

Related Posts

ভাৰতত প্ৰথমবাৰ দক্ষিণ আফ্ৰিকা-ব্ৰাজিলীয় প্ৰজাতিৰ কৰোনাৰ সন্ধান লাভ
ALL NEWS

এখন হোষ্টেলতে ২২৯ জন আক্রান্ত ! মহাৰাষ্ট্ৰত ৪ মাহ পিছত পুনৰ ৮ হাজাৰ সংক্রমণ

by Staff Reporter
February 25, 2021
50
প্ৰবীণ শিল্পী কূল বৰুৱা আৰু নাই
ALL NEWS

প্ৰবীণ শিল্পী কূল বৰুৱা আৰু নাই

by Staff Reporter
February 25, 2021
52
বিনামূল্যে লাভ কৰিব গেছ চিলিণ্ডাৰ
ALL NEWS

এমাহত তিনিবাৰত ১০০ টকা ! মাজনিশা পুনৰ বাঢ়িল ৰন্ধন গেছৰ মূল্য

by Staff Reporter
February 25, 2021
52
অকলশৰীয়া ব্যক্তিৰ বাবে পৃথক মন্ত্ৰালয় খুলিলে জাপানে
ALL NEWS

অকলশৰীয়া ব্যক্তিৰ বাবে পৃথক মন্ত্ৰালয় খুলিলে জাপানে

by Staff Reporter
February 25, 2021
51
২৭ ফেব্ৰুৱাৰীত মুক্তি লাভ বহু প্ৰশংসনীয় “মায়া বাইদেউ”-
ALL NEWS

২৭ ফেব্ৰুৱাৰীত মুক্তি লাভ বহু প্ৰশংসনীয় “মায়া বাইদেউ”-

by Staff Reporter
February 25, 2021
51
২০২১ চনত মুক্তি লাভ নকৰে শ্বাহৰুখ খানৰ “পঠান”-
ALL NEWS

২০২১ চনত মুক্তি লাভ নকৰে শ্বাহৰুখ খানৰ “পঠান”-

by Staff Reporter
February 25, 2021
52
covid-19 widget
521166
Total views : 2009699
Who's Online : 6
ভাৰতত প্ৰথমবাৰ দক্ষিণ আফ্ৰিকা-ব্ৰাজিলীয় প্ৰজাতিৰ কৰোনাৰ সন্ধান লাভ

এখন হোষ্টেলতে ২২৯ জন আক্রান্ত ! মহাৰাষ্ট্ৰত ৪ মাহ পিছত পুনৰ ৮ হাজাৰ সংক্রমণ

February 25, 2021
প্ৰবীণ শিল্পী কূল বৰুৱা আৰু নাই

প্ৰবীণ শিল্পী কূল বৰুৱা আৰু নাই

February 25, 2021
বিনামূল্যে লাভ কৰিব গেছ চিলিণ্ডাৰ

এমাহত তিনিবাৰত ১০০ টকা ! মাজনিশা পুনৰ বাঢ়িল ৰন্ধন গেছৰ মূল্য

February 25, 2021

Categories

ALL NEWS (10755) Assam (7587) BREAKING NEWS (3538) Business (14) Economy (29) Editorial (7) EDUCATION-TECHNOLOGY (23) Entertainment (330) Entertrainment (207) EXCLUSIVE (121) Fashion (8) Featured (14) Features (23) Guwahati (1393) Health & Fitness (259) Jobs & Career (4) KARBI ANGLONG (1192) Lifestyle (19) literature (16) National-International (1955) NORTH-EAST (352) Novel (3) Photo (4) Poem (9) Political (60) Recipes (5) Sports (159) Story (3) Tech (5) Travel (6) Uncategorized (13) Video (88)

© 2020 Assam Times Post.

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us
No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTH-EAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

© 2020 Assam Times Post.

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In
%d bloggers like this: