ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

কলা-সংস্কৃতিৰ স্বৰ্গভূমিলৈ পৰ্যবশিত তাৰালাংছৰ বাকৰি

৪৭ সংখ্যক কাৰ্বি যুব মহোৎসৱৰ আজি সফল সামৰণি

News Desk by News Desk
February 19, 2021
Reading Time: 1 min read
A A
0

New Logo Very Smal | ASSAM TIMES POST
ষ্টাফ ৰিপ’ৰ্টাৰ

RELATED POSTS

Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু

Swapnalok Diphu । ‘স্বপ্নলোক’ৰ দ্বাদশ প্ৰতিষ্ঠা দিৱস উদযাপন

Karbi Anglong Sports Association I কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠা দিৱসত ক্ৰীড়া সংস্কৃতিৰ প্ৰসাৰৰ আহ্বান তুলিৰাম ৰংহাঙৰ

ডিফু : কলা সংস্কৃতিৰ স্বৰ্গভূমিলৈ পৰ্যবশিত হৈছে তাৰালাংছৰ বাকৰি ৷ পাঁচদিন জোৰা বিস্তৃত কার্যসূচীৰে যোৱা ১৫ ফেব্রুৱাৰীৰ পৰা ডিফু সমীপৰ তাৰালাংছত চলি থকা ৪৭ সংখ্যক কাৰ্বি যুব মহোৎসৱৰ আজি সফল সামৰণি পৰে। বিগত দিনসমুহৰ দৰেই মহোৎসৱৰ অস্তিম দিনটোতো শিল্পী, প্রতিযোগী, দর্শক সকলোৰে মাজত সীমাহীন উৎসাহ আৰু আনন্দ দেখিবলৈ পোৱা যায়। মহোৎসৱৰ কেইবাটাও মঞ্চত সমান্তৰালভাবে চলি থকা বিভিন্ন প্রতিযোগিতা, সাহিত্যৰ আলোচনাই মুখৰ কৰি ৰাখে মহোৎসৱস্থলী। বিগত দিনসমূহৰ দৰেই চেং, পংচি, চেবুকপৰ মনোমোহা সুৰৰ ছন্দইবৃহৎ পৰিসৰৰ মহোৎসৱ স্থলীত এক অনন্য পৰিৱেশৰ সূচনা কৰে।

YFp1 1 | ASSAM TIMES POST

উল্লেখযোগ্য যে, মহোৎসৱৰ আনন্দৰ ভাগ লোৱাৰ উদ্দেশ্যে কালিৰ দিনটোত অবিশ্বাস্য জনসমাগমে বিৰ দি বাট নোপোৱা পৰিস্থিতিৰ সৃষ্টি কৰে। জিলাখনৰ বিভিন্ন প্রান্তব পৰা মহোৎসৱৰ আনন্দ উপভোগ কৰাৰ বাবে অহা জাকে জাকে সংস্কৃতিপ্রেমী জনতাৰ সোঁত আজিও অব্যাহত থাকে। শ শ বিভিন্ন সামগ্রীৰ বিপণিত আজি পুৱাৰ পৰাই গ্রাহকে ভীৰ কৰা পৰিলক্ষিত হয়। যুৱ মহোৎসৱটিৰ আৰম্ভনিৰ দিনৰে পৰাই তাৰালাংচৰ চৌদিশে শৃংখলাবদ্ধভাবে সজাই তোলা প্ৰদৰ্শনী, গ্ৰন্থ বিপনী, আত্মসহায়ক গোটৰ মেলাস্থলী, কুটীৰশিল্প, ভোজমেলা যুৱক- যুৱতীসকলৰ নৃত্য গীতে দৰ্শকসকলক চাৰিটা দিন আত্মবিভোৰ কৰি ৰাখে ৷ জনগোষ্ঠীয়, খাদ্য সম্ভাৰৰ ফুৰফুৰীয়া গোন্ধই তাৰালংচৰ চৌপাশ আমোল মোলাই ৰাখিছে ৷ বিশেষকৈ কাৰবি জনজাতীয় খাদ্য সম্ভাৰ, বি-অক(ছাগলী মাংস), ফাক’-অক (গাহৰি মাংস), ৱ’-অক (কুকুৰা মাংস), আন কিমুঙ (চুঙাত দিয়া ভাত), আন কিউপ (সিজুৱা ভাত) , বাৰা আচিৰজা (ভাপত দিয়া ভাত), ৱক লাংপং কিমুঙ, ৱক কিমুঙ (পাতত দিয়া ভাত) আদিয়ে যুৱ মহোৎসৱলৈ অহা লোকসকলত তৃপ্তি প্ৰদান কৰে ৷

YFp2 2 | ASSAM TIMES POST

কার্বি মহিলাসকলব কাণত পিন্ধা অলংকাৰ নথেংপি’ৰ আহিত নির্মাণ কৰি উলিওৱা বিশেষ ভৱনটোৱেও এইবাৰ মহোৎসৱৰ অন্যতম আকৰ্ষণ । এনেদৰেই কার্বিসকলৰ লোকশিল্প, লোকসংগীত, পৰম্পৰা ৰাগত ক্রীড়াৰ প্রতিযোগিতা-প্রদর্শনৰ উল্লাস-উদ্যামে উৎসৱ থলীলৈ পৰ্যৱশিত হয় ৷ বিপণিসমূহত গ্রাহক-ক্রেতাৰ ব্যস্ততা, থলুৱা খাদাশৈলীৰ প্রতি দর্শকৰ আকর্ষণ, মহোৎসৱ উপলক্ষে সাজি উলিওৱা বিভিন্ন জনগােষ্ঠীয় গাঁওসমূহত কার্বি যুব মহােৎসবক বিভিন্ন জাতি-জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতিৰ মহা মিলনৰ থলীলৈ পৰিণত কৰে।

YFp 1 | ASSAM TIMES POST

আজি বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতিৰ অপূর্ব মহামিলনেৰ সৃষ্টি কৰে জনগোষ্ঠীয় সাংস্কৃতিক মহামিলনৰ থল ৷ বিভিন্ন মঞ্চত পৰাম্পৰাগত ক্ৰীড়া নৃত্য, গীত সাংস্কৃতিক কাৰ্যসূচীয়ে দৰ্শক সকলক আপ্লুত কৰে ৷ কার্বি যুৱ মহোৎসৱৰ যোৱা নিশাৰ সাংস্কৃতিক অনুষ্ঠানত উপস্থিত থাকে অসম সাহিত্য সভাৰ প্রধান সম্পাদক যাদৱ শর্মা। মহোৎসৱৰ মঞ্চত আয়োজক সমিতিৰ সম্বর্ধনা গ্রহণ কৰি প্রদান কৰা ভাষণত অসম সাহিত্য সভাৰ প্রধান সম্পাদকগৰাকীয়ে কাৰ্বি সাংস্কৃতিক সমাজৰ পৰাও অসম সাহিত্য সভাই বহু শিকিবলগীয়া আছে বুলি মন্তব্য কৰে৷ কার্বি যুৱ মহোৎসৱৰ আদৰণি সমিতিৰ সাধাৰণ সম্পাদক বিদ্যাছিং ৰংপিয়ে যোৱা দিনকেইটাত সকলো কার্যসূচী সফলতাৰে সম্পন্ন হোৱা বুলি মন্তব্য কৰি এইক্ষেত্রত ৰাইজৰো প্রভৃত সঁহাৰি লাভ কৰা বুলি মন্তব্য কৰে জিলাখনৰ বিভিন্ন জনগোষ্ঠীৰ লোকে এই মহোৎসবত অংশগ্রহণ কৰা বুলি মন্তব্য কৰি কাৰ্বি যুব মহোৎসৱৰ বাবে ই এক আশাব্যঞ্জক বার্তা বহন কৰিছে বুলি সম্পাদকগৰাকীয়ে মন্তব্য কৰে। কৰনাসৃষ্ট প্রতিকূল পৰিৱেশৰ পিছত বহুদিনীয়া প্রস্তুতিৰে আয়োজন কৰা কার্বি যুৱ মহোৎসৱৰ সামৰণিৰ লগে লগে কাইলৈৰ পৰা নিজম পৰিব কার্বি পিপলছ হলৰ সুবৃহৎ সাংস্কৃতিক ক্ষেত্র।

Tags: Featured
Share4Tweet3Send

Related Posts

Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু
KARBI ANGLONG

Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু

by News Desk
July 20, 2026
50
Swapnalok Diphu । ‘স্বপ্নলোক’ৰ দ্বাদশ প্ৰতিষ্ঠা দিৱস উদযাপন
KARBI ANGLONG

Swapnalok Diphu । ‘স্বপ্নলোক’ৰ দ্বাদশ প্ৰতিষ্ঠা দিৱস উদযাপন

by Staff Reporter
July 20, 2026
50
Karbi Anglong Sports Association I কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠা দিৱসত ক্ৰীড়া সংস্কৃতিৰ প্ৰসাৰৰ আহ্বান তুলিৰাম ৰংহাঙৰ
KARBI ANGLONG

Karbi Anglong Sports Association I কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠা দিৱসত ক্ৰীড়া সংস্কৃতিৰ প্ৰসাৰৰ আহ্বান তুলিৰাম ৰংহাঙৰ

by Staff Reporter
July 19, 2026
50
Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ
KARBI ANGLONG

Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ

by Staff Reporter
July 16, 2026
50
Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী
KARBI ANGLONG

Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী

by News Desk
July 11, 2026
50
ADVERTISEMENT
Ram Mandir controversy : ৰাম মন্দিৰৰ দানৰ ধন চুৰি গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়, ৰাজনীতি নকৰিবলৈ আহ্বান
National-International

Ram Mandir controversy : ৰাম মন্দিৰৰ দানৰ ধন চুৰি গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়, ৰাজনীতি নকৰিবলৈ আহ্বান

July 20, 2026
50
Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু
KARBI ANGLONG

Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু

July 20, 2026
50
CJP protest I অৱশেষত আলোচনাত বহিবলৈ সন্মত কেন্দ্ৰ, নাড্ডাৰ সৈতে বৈঠকত বহিব ককৰোচ পাৰ্টি
National-International

CJP protest I অৱশেষত আলোচনাত বহিবলৈ সন্মত কেন্দ্ৰ, নাড্ডাৰ সৈতে বৈঠকত বহিব ককৰোচ পাৰ্টি

July 20, 2026
50
CJP protest I ৱাংচুকৰ অনুৰোধত অনশন ভংগ কৰিলে ককৰোচ প্ৰধান অভিজিৎ দীপকেসহ তিনি ছাত্ৰনেতাই
National-International

CJP protest I ৱাংচুকৰ অনুৰোধত অনশন ভংগ কৰিলে ককৰোচ প্ৰধান অভিজিৎ দীপকেসহ তিনি ছাত্ৰনেতাই

July 20, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Ram Mandir controversy : ৰাম মন্দিৰৰ দানৰ ধন চুৰি গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়, ৰাজনীতি নকৰিবলৈ আহ্বান

Ram Mandir controversy : ৰাম মন্দিৰৰ দানৰ ধন চুৰি গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়, ৰাজনীতি নকৰিবলৈ আহ্বান

July 20, 2026
Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু

Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু

July 20, 2026
CJP protest I অৱশেষত আলোচনাত বহিবলৈ সন্মত কেন্দ্ৰ, নাড্ডাৰ সৈতে বৈঠকত বহিব ককৰোচ পাৰ্টি

CJP protest I অৱশেষত আলোচনাত বহিবলৈ সন্মত কেন্দ্ৰ, নাড্ডাৰ সৈতে বৈঠকত বহিব ককৰোচ পাৰ্টি

July 20, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx