মাজুলীৰ বহু প্ৰতীক্ষিত এটি সপোন পূৰণ হোৱাৰ পথত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা ১৮ ফেব্ৰুৱাৰীত আনুষ্ঠানিকভাৱে নিৰ্মাণকাৰ্যৰ শুভাৰম্ভ কৰে যোৰহাট-মাজুলী দলঙৰ। এই বহু প্ৰতীক্ষিত সপোন পূৰণ কৰাৰ বাবে লোৱা যুগান্তকাৰী পদক্ষেপৰ বাবে মাজুলীবাসীয়ে মোদীক এনেদৰেই ধন্যবাদ আৰু কৃতজ্ঞতা জনালে।