স্বাস্থ্য প্ৰতিবেদন:
ফুলকবি আৰু ব্রকলি– পাচলি দুবি দৰৰং পৃথক হ’লেও দেখাত বহুকিনি একেই। অৱশ্যেই কিছুমানে পুষ্টি গুণত ব্রকলিতকৈ ফুলকবিক আগস্তান দিয়ে আৰু কিছুমানে ব্ৰকলিক দিয়ে। কিন্তু জানি ৰাখক, ফুলকবি আৰু ব্রকলি, এই দুয়োবিধেই স্বাস্থ্যকৰ।
উভয়তে শর্কৰা কম আৰু উভয়েই এণ্টি-অক্সিডেন্ট আৰু অন্যান্য পুষ্টিৰে সমৃদ্ধ।বিশেষজ্ঞসকলৰ মতে, ফুলকবি বা ব্রকলি, দুয়োটাতেই ব্রাছেলছ স্প্রাউট আৰু এই ধৰণৰ সেউজ পাতযুক্ত ক্রুছিফেৰাছ গোত্রৰ শাক-পাচলিৰ পুষ্টি গুণেৰে সমৃদ্ধ।
শৰীৰৰ বাবে অতি উপকাৰী। ব্রকলি আৰু ফুলকবিত প্রচুৰ পৰিমাণে খনিজ আৰু ভিটামিন আছে যিয়ে শৰীৰ সুস্থ ৰাখিবলৈ সহায় কৰে। সেই কাৰণে চিকিৎসকসকলে সুষম খাদ্য তালিকাত ব্রকলি আৰু ফুলকবি ৰখাৰ পৰামর্শ দিয়ে।
পুষ্টিগুণৰ পার্থক্য
অস্বীকাৰ কৰাৰ উপায় নাই যে ফুলকবি আৰু ব্রকলি উভয়েই উত্তম স্বাস্থ্যকৰ। দুয়োটাতেই খুব কম শর্কৰা আছে। ইয়াৰ উপৰি উভয়ৰেই বহু ভিটামিন আৰু খনিজ আছে যিয়ে অধিক ভাল স্বাস্থ্য নিশ্চিত কৰে। অন্যান্য শাক-পাচলিৰ তুলনাত ইয়াত ফাইবাৰ আৰু ভিটামিন চি বেছি থাকে।
ফাইবাৰে হজম ব্যৱস্থা বজায় ৰখাৰ লগতে শৰীৰৰ পৰা বিষাক্ত পদার্থও বাহিৰ কৰি দিয়ে। ভিটামিন চিয়ে সংক্রমণৰ বিৰুদ্ধে যুঁজে, ৰোগ প্রতিৰোধ ক্ষমতা শক্তিশালী কৰে, আঘাতক নিৰাময় কৰে আৰু ছালক আলোকিত কৰাত গুৰুত্বপূর্ণ ভূমিকা পালন কৰে। ইয়াৰ উপৰি উভয় পাচলিতেই পটাচিয়াম আৰু মেঙ্গানিজসহ বহু মেক্রো আৰু মাইক্রো পুষ্টি আছে।
এক কাপ কেঁচা ফুলকবিত থকা পুষ্টি
কেলৰি: ২৭
কার্বোহাইড্রেট:৫.৫ গ্রাম
ফাইবাৰ: ২ গ্রাম
প্রোটিন: ২ গ্রাম
ভিটামিন চি: ৫৭% আৰডিএ
ভিটামিন বি-৬: ১৪% আৰডিএ
ফোলেট: ১৫% আৰডিএ
ভিটামিন ই: ১% আৰডিএ
ব্রকলিত কিছু বেছি পুষ্টি থাকে
কেলৰি: ৩১
কার্বোহাইড্রেট: ৬ গ্রাম
ফাইবাৰ: ২.৫ গ্রাম
প্রোটিন: ২.৫ গ্রাম
ভিটামিন চি: ৯০% আৰডিএ
ভিটামিন বি-৬: ৯০% আৰডিএ
ফোলেট: ১৪% আৰডিএ
ভিটামিন ই: ৩% আৰডিএ
দুয়োটাৰে মাজত অন্য পার্থক্যও আছে। ব্রকলিত ফুলকবিতকৈ বেছি পৰিমাণে ভিটামিন চি আৰু ভিটামিন কে আছে।
এন্টি-অক্সিডেন্ট সমৃদ্ধ
এন্টি-অক্সিডেন্ট থকাত শৰীৰৰ পৰা ফ্রি ৰেডিকেলবোৰ আঁতৰোৱাত সহায় কৰে। আপুনি যদি আপোনাৰ ডায়েটত এটি সমৃদ্ধ এন্টি-অক্সিডেন্ট অন্তর্ভুক্ত কৰিব বিচাৰে তেন্তে ব্রকলিতকৈ ভাল আৰু একো নাই।
এইবিধ পাচলিত এটি যৌগ পোৱা যায়, যাক ছালফোৰোফেন বোলে। ৰক্তত শর্কৰাৰ মাত্রা হ্রাস কৰে, চকুৰ স্বাস্থ্যৰ উন্নতি কৰে আৰু বৃদ্ধ বয়সতো আপোনাক সুস্থ ৰাখে। একেদৰে ফুলকবিতো শক্তিশালী এন্টি-অক্সিডেন্ট আছে যিয়ে কোষৰ কার্যক শক্তিশালী কৰে।