স্বাস্থ্য প্ৰতিবেদন:
কমলা ভিটামিন চিৰ শ্ৰেষ্ঠ উৎস হিচাবে বিবেচিত হয়। কমলা খালে ৰোগ প্রতিৰোধ ক্ষমতা শক্তিশালী হয়। ফলত শৰীৰক বিভিন্ন ৰোগৰ পৰা ৰক্ষা কৰে।
কমলাত ভিটামিন চি, ভিটামিন এ, বি, কেলচিয়াম, পটাচিয়াম, মেগনেচিয়াম, ফছফৰাছসহ অতিৰিক্ত ফাইবাৰ পোৱা যায় যিয়ে শৰীৰক সুস্থ ৰখাত সহায় কৰিব পাৰে।
ক’ৰোনাৰ সময়কালত কমলাই ৰোগ প্রতিৰোধ ক্ষমতা শক্তিশালী কৰিবলৈ প্রচুৰ ব্যৱহাৰ হৈছিল। কিন্তু ইয়াৰ অর্থ এয়া নহয় যে কমলা খোৱাৰ কোনো অসুবিধা নাই বা ইয়াক প্রয়োজনতকৈ বেছি পৰিমাণত খোৱা উচিত। আজি কমলা খোৱাৰ ফলত সৃষ্ট কিছু অসুবিধা সম্পর্কে আলোচনা কৰা হৈছে।
এচিডিটিৰ সমস্যাত ভোগা লোকে খুব বেছি কমলা খোৱা উচিত নহয়। অধিক পৰিমাণত কমলা খালে আপোনাৰ এচিডিটি হ’ব পাৰে, পেট জ্বলা-পোৰা কৰিব পাৰে।
কমলা এটি টেঙা ফল। পুৱা খালী পেটত টেঙা জাতীয় ফল খোৱা উচিত নহয়। ই শৰীৰৰ ক্ষতি কৰিব পাৰে। কমলাত এমিনো এচিড আছে যাৰ কাৰণে পেটত প্রচুৰ পৰিমাণে গেছ সৃষ্টি হ’বলৈ আৰম্ভ কৰে।
কমলাত থকা এচিডে পেটত বিষৰ সমস্যা কৰিব পাৰে। কমলা অতিৰিক্ত খোৱাৰ ফলত পেটৰ গেছ আৰু পেটত বিষ হ’ব পাৰে।
কমলা সীমিত পৰিমাণে খোৱা উচিত। কমলা বেছি মাত্রাত খালে ডায়েৰিয়া, বদহজমৰ দৰে সমস্যাই দেখা দিব পাৰে। কমলা অতিৰিক্ত খোৱাৰ ফলতো ডায়েৰিয়া হ’ব পাৰে। কেৱল এয়াই নহয়, ই আপোনাৰ হজম ব্যৱস্থা নষ্ট কৰিবও পাৰে।