![]()
নিউজ ডেস্কঃ
পতঞ্জলিৰ কৰোনা ভাইৰাছৰ ঔষধ কৰোনিলকে “প্রথম প্রমাণিত ঔষধ” বুলিছিল যোগগুৰু ৰামদেৱে। কেন্দ্রীয় স্বাস্থ্যমন্ত্রী হর্ষ বর্ধনৰ উপস্থিতিত কৰোনিল প্রকাশ্যে আনিছিল ৰামদেৱে। আৰু এই ঘটনাত প্রশ্ন তুলিছে ইণ্ডিয়ান মেডিকেল এছোচিয়েছনে। তেওঁলোকৰ প্রশ্ন, স্বাস্থ্যমন্ত্রীয়ে কেনেদৰে “মিছা, মনেসজা, অবৈজ্ঞানিক পণ্য” প্রমোট কৰিব পাৰে।

শুক্রবাৰে ৰামদেৱে ‘কৰোনিল’ উদ্বোধন কৰে। তেওঁৰ সৈতে অনুষ্ঠানত উপস্থিত আছিল স্বাস্থ্যমন্ত্রী হর্ষ বর্ধন আৰু নীতিন গাডকাৰী। তিনিওজনেই জনাইছেন যে এই ঔষধ ফার্মাচিউটিকেলল প্রডাক্ট ( CoPP) আৰু বিশ্ব স্বাস্থ্য সংস্থাৰ গুড মেনুফেকচাৰিং প্ৰেক্টিচে (WHO GMP) ইয়াক প্ৰমাণ-পত্র দিছে। এই দুই ক্ষেত্রৰ সন্মতি পোৱা মানে পণ্যবিধ মেডিকেল প্রডাক্ট। ইফালে হুই টুইট কৰি জনাইছে তেওঁলোকে কোনো আঞ্চলিক কৰোনাৰ ঔষধক প্ৰমাণ পত্ৰ দিয়া নাই। ইয়াৰ পিছতেই আইএমএ ইয়াৰ বিৰুদ্ধে সৰৱ হৈছে। তেওঁলোকৰ বক্তব্য হর্ষ বর্ধন নিজে এজন চিকিৎসক। ততসত্ত্বেও তেওঁ কেনেদৰে এই মিছা সমর্থন কৰিলে? এনে প্রশ্নও উঠিছে যদি কৰোনিল ইমানেই কার্যকৰী হয় কিয় চৰকাৰে কৰোনা টীকাৰ পিছত ৩৫ হাজাৰ টকা খৰচ কৰিছে?












