
উত্তৰ প্ৰদেশৰ মীৰাটত (Meerut of Uttar Pradesh) প্ৰেমিকৰ সৈতে মিলি স্বামীক হত্যা (Killing husband) কৰাৰ অভিযোগ এগৰাকী মহিলাৰ বিৰুদ্ধে। তেওঁ ঘটনাটোক দুৰ্ঘটনা বুলি সজাবলৈ চেষ্টা কৰিছিল। কিন্তু প্ৰকাশ্যে আহিল এক ভয়ংকৰ ষড়যন্ত্ৰৰ তথ্য।
মীৰাটৰ হস্তিনাপুৰ নিবাসী অতুল পাৱাৰ (Atul Power)। তেওঁৰ পত্নীৰ নাম ডামিনী। দুয়োগৰাকীয়ে এখন স্কুল চলাইছিল। ২০১৯ চনত দুয়োৰে বিবাহ হয়। শুকুৰবাৰে পুৱা অতুলৰ মৃত্যু হয়। ডামিনীয়ে তেওঁৰ ওচৰ-চুবুৰীয়া আৰু আত্মীয়ৰ আগত দাবী কৰিছিল তেওঁৰ স্বামীক সাপে খোঁটাৰ ফলত মৃত্যু হয়। ইয়াৰ পিছত তেওঁ নিজেই অতুলক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যায়। কিন্তু চিকিৎসকে অতুলক মৃত বুলি ঘোষণা কৰে। অতুলৰ বিছনাৰ পৰাও উদ্ধাৰ হৈছে এডাল বিষাক্ত সাপ। ফলত সাপে খোঁটাৰ ফলত হোৱা মৃত্যুৰ তত্ত্ব অধিক শক্তিশালী হৈ উঠে।
কিন্তু অতুলৰ পৰিয়ালৰ লোকৰ সন্দেহ হয়। সাপডাল কেনেকৈ বিছনাত উঠিল? ঘৰখন পৰিপাটিকৈ সজাই থোৱা আছিল, সাপডাল সোমাবলৈ বিশেষ ঠাই নাছিল। ইয়াৰ পিছতো অতুলৰ ঘৰত সাপডাল কেনেকৈ প্ৰৱেশ কৰিলে সেই সন্দৰ্ভত পৰিয়ালৰ লোকৰ সন্দেহ বাঢ়ি যায়। এই সন্দৰ্ভত আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰে।

উক্ত অভিযোগৰ ভিত্তিত আৰক্ষীয়ে তদন্ত কৰি গম পায় যে তেওঁলোকৰ স্কুলৰ চালকৰ সৈতে ডামিনীয়ে প্ৰেমৰ সম্পৰ্ক ৰাখিছে। ইয়াৰ পিছত আৰক্ষীৰ সন্দেহ আৰু অধিক তীব্ৰতৰ হৈ পৰে। আৰক্ষীয়ে তেওঁক আটক কৰি জেৰা কৰিবলৈ আৰম্ভ কৰে। তেওঁৰ মোবাইল ফোনত সকলো তথ্য পৰীক্ষা কৰি থাকোঁতে তদন্তকাৰীয়ে গম পায় যে ডামিনীয়ে দীৰ্ঘদিন ধৰি চালক তুষাৰৰ সৈতে বিবাহ বহিৰ্ভূত প্ৰেমৰ সম্পৰ্ক ৰাখিছিল।
তদন্তকাৰীৰ সূত্ৰ মতে, ডামিনী আৰু তুষাৰক সোধা-পোছা কৰাৰ পিছত পোহৰলৈ আহে যে অতুলক হত্যাৰ পৰিকল্পনা দীৰ্ঘদিন ধৰি চলি আছিল। তুষাৰে দাবী কৰে যে ডামিনীয়ে সাপ ব্যৱহাৰ কৰাৰ পৰিকল্পনা কৰিছিল। তেওঁৰ কথামতে তুষাৰে সাপ বেপাৰীৰ পৰা এডাল বিষাক্ত সাপ কিনি আনে। ইয়াৰ পিছত তেওঁ সাপডাল ডামিনীক দিয়ে। বৃহস্পতিবাৰে নিশা ডামিনীয়ে অতুলক গাখীৰ খাবলৈ দি গাখীৰত টোপনিৰ বড়ি মিহলাই দিয়ে। ইয়াৰ পিছত অতুলৰ টোপনি অহাৰ লগে লগে তুষাৰে অনা বিষাক্ত সাপডাল বিছনাত এৰি দিয়ে।
তদন্তকাৰীৰ সূত্ৰৰ মতে, অতুলৰ বীমা পলিচি আছিল ২০ লাখ টকাৰ। ডামিনী আৰু তুষাৰে সেই বীমা পলিচিৰ ধন ব্যৱহাৰ কৰাৰ পৰিকল্পনা কৰিছিল। এই হত্যাকাণ্ডৰ আন দুজন সহযোগীক ৫ লাখ টকা দিয়াৰ প্ৰতিশ্ৰুতি দিছিল ডামিনীয়ে। এজন তদন্তকাৰী বিষয়াই জনোৱা মতে, বিছনাত সাপ উঠা কথাটো সন্দেহজনক আছিল। আৰক্ষীয়ে যেতিয়া তুষাৰ আৰু ডামিনীৰ মোবাইল পৰীক্ষা কৰে, তেতিয়া তেওঁলোকে সাপডালৰ এখন ছবি লাভ কৰে। এই ছবি তুষাৰে ডামিনীলৈ পঠিয়াইছিল। ইয়াৰ পিছতে আৰক্ষীয়ে তুষাৰ আৰু ডামিনীক গ্ৰেপ্তাৰ কৰে।












