
ছাৰৰ (SIR) পিছত ভোটাৰ তালিকাৰ পৰা কাৰোবাৰ নাম বাদ পৰাৰ অৰ্থ এইটো নহয় যে তেওঁ নাগৰিক নহয়। শুকুৰবাৰে মৌখিকভাৱে এই কথা স্পষ্ট কৰি দিলে উচ্চতম ন্যায়ালয়ে। মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ বিচাৰপীঠে কয় যে বিহাৰৰ ছাৰ গোচৰৰ ৰায়দানত এই কথা স্পষ্ট হৈ আছে।

তাত কোৱা হৈছে যে কাৰোবাৰ নাগৰিকত্ব নিৰ্ণয় কৰাৰ চূড়ান্ত কৰ্তৃত্ব নিৰ্বাচন আয়োগৰ নাই। গতিকে ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰাৰ বাবেই কাৰোবাৰ নাগৰিকত্ব কাঢ়ি ল’ব নোৱাৰি।
পশ্চিমবংগৰ এছ আই আৰ ন্যায়াধিকৰণৰ শুনানি প্ৰক্ৰিয়া সুশৃংখলিত কৰাৰ বাবে উচ্চতম ন্যায়ালয়ত জনস্বাৰ্থৰ গোচৰ ৰুজু কৰা হৈছে। তালিকাৰ পৰা নাম বাদ পৰাসকলে ৰেচন আৰু অন্নপূৰ্ণা যোজনাৰ সুবিধা লাভ কৰাত সমস্যাৰ সন্মুখীন হোৱা বুলি আবেদনকাৰীৰ দাবী। জাতিগত প্ৰমাণ-পত্ৰ লাভৰ ক্ষেত্ৰতো সমস্যাৰ সন্মুখীন হোৱা বুলিও অভিযোগ উত্থাপন কৰিছে আবেদনকাৰীয়ে।
শুকুৰবাৰে মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, ন্যায়াধীশ জয়মাল্য বাগচি আৰু ন্যায়াধীশ ভি মোহনৰ বিচাৰপীঠৰ সন্মুখত শুনানিৰ বাবে এই গোচৰটো আহে। এই গোচৰৰ পৰিপ্ৰেক্ষিতত উচ্চতম ন্যায়ালয়ে নিৰ্বাচন আয়োগ, ৰাজ্য চৰকাৰ আৰু ৰাজ্যিক নিৰ্বাচন আয়োগৰ পৰা সঁহাৰি বিচাৰিছে।
শুনানিৰ সময়ত ন্যায়াধীশ বাগচিয়ে কয় যে বিহাৰ এছ আই আৰ গোচৰৰ ৰায় অনুসৰি নিৰ্বাচন আয়োগ নাগৰিকত্ব নিৰ্ধাৰণৰ সাংবিধানিক কৰ্তৃপক্ষ নহয়। বৰঞ্চ নাগৰিকত্বৰ সন্দেহৰ বাবে যদি কাৰোবাৰ নাম ভোটাৰ তালিকাৰ পৰা আঁতৰাই দিয়া হয়, তেন্তে তেওঁৰ নাগৰিকত্ব নিৰ্ণয়ৰ বাবে কেন্দ্ৰীয় চৰকাৰলৈ আবেদন কৰিব লাগে। সেয়া আয়োগৰ দায়িত্ব।
আইনী বাতৰি ৱেবছাইট ‘লাইভ ল’ৰ মতে, ন্যায়াধীশ বাগচিয়ে কয়, “নাগৰিকত্ব আইনৰ অধীনত সমাধানৰ বাবে সংশ্লিষ্ট মন্ত্ৰালয়লৈ প্ৰেৰণ কৰাটো আয়োগৰ দায়িত্ব। সমাধান নোহোৱালৈকে সংশ্লিষ্ট ব্যক্তিজনৰ (নাগৰিকত্বৰ) মৰ্যাদা বজাই ৰাখিব লাগে।” তেওঁ লগতে কয়, “তেওঁলোকে (আয়োগে) কাৰোবাক ভোটাৰ তালিকাত অন্তৰ্ভুক্ত নকৰাৰ সিদ্ধান্ত ল’ব পাৰে। কিন্তু তাৰ অৰ্থ এইটো নহয় যে কোনোবাই নিজৰ নাগৰিকত্ব হেৰুৱাব পাৰে।”










