নিউজ ডেক্স:
ক’ভিডৰ বাবে যিসকলে ইমানদিন দেশৰ বাহিৰত থাকিব লগা হৈছিল, তেওঁলোকক এইবাৰ নিজ দেশলৈ ঘুৰাই অনাৰ উদ্যোগ ল’লে পাকিস্তানে।
পাকিস্তান চৰকাৰৰ বিদেশ মন্ত্রালয়ৰ তৰফৰপৰা এই সংক্রান্তত এটা চৰকাৰী বিজ্ঞপ্তি প্রকাশিত হৈছে। উক্ত বিজ্ঞপ্তিটোত কোৱা হৈছে , ২৯ জন ভাৰতীয় আৰু ১১জন পাকিস্তানী, মুঠ ৪০ জন লোকক পাকিস্তানৰপৰা ৱাঘাৰে ভাৰত প্ৰৱেশ কৰোৱাৰ অনুমতি দিয়া হৈছে।
ক’ভিডৰ বাবেই বহুদিন ধৰি এই সীমান্তৰে যাতায়াত বন্ধ হৈ আছিল। জানিবলৈ পোৱা গৈছে, অহা ২৬ ফেব্ৰুৱাৰীত এই ৪০ জন লোক ৱাঘা সীমান্ত পাৰ হ’ব।