![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : আজি পুৱাৰ ভাগত ডিফু নদীত এগৰাকী বৃদ্ধ লোকৰ মৃতদেহ উদ্ধাৰ হোৱাকলৈ কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ প্ৰাপ্ত খবৰ অনুসৰি ডিফু চহৰৰ জিনিং মিলৰ কাষেৰে বৈ ডিফু নদীৰ পানীত এটি মৃতদেহ উপঙি থকা প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজৰ মাজত হূলস্থূল লাগে ৷ পিছত ঘটনাৰ খবৰ লাভ কৰি ডিফু আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰে ৷
মৃতদেহটো ডিফু ধৰমনালা পথৰ ধনি কলিতাৰ জ্যেষ্ঠ ভাতৃ টুনি কলিতা বুলি পৰিয়ালৰ লোকে চিনাক্ত কৰিছে ৷ পৰিয়ালৰ লোকৰ পৰা জানিব পৰা অনুসৰি টুনি কলিতা (৬৩) যোৱা ১৯ ফেব্ৰুৱাৰীৰ নিশাৰ পৰা নিৰুদ্দেশ হৈ আছিল আৰু এই সন্দৰ্ভত পৰিয়ালৰ লোকে চাৰিওফালে বিছাৰ-খুছাৰ কৰি আছিল বুলিও জানিব পৰা গৈছে ৷












