![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : ৰাজ্য চৰকাৰৰ প্ৰভাৱশালী মন্ত্ৰী ডাঃ হিমন্ত বিশ্ব শৰ্মাই আজি চিমেণ্ট নগৰী বোকাজানৰ সৰিয়হজানত ১০০ খন বিচনাযুক্ত অসামৰিক চিকিৎসালয়ৰ ভূমিপূজন কৰাৰ লগতে ভাৰত সেৱাশ্ৰম সংঘৰ অধীনৰ প্ৰণৱ জুবলী কলেজৰ বিশ্ববিদ্যালয় ভৱনৰ আধাৰশিলা স্থাপনৰ উপৰি মহাবিদ্যালয়খনত বহু কেইটা প্ৰকল্পৰ শুভ উদ্ধোধন কৰে।

আনহাতে, বোকাজান নগৰৰ নিজৰাপাৰত ভূমি সংৰক্ষণ বিভাগৰ অতিথিগৃহৰ শুভ উদ্ধোধন কৰাৰ লগতে বিত্তমন্ত্ৰীৰ বিশেষ অনুদানৰ অধীনত ১০ কোটি টকাৰে নিৰ্মিত বোকাজান ক্ৰীড়া সন্থাৰ অত্যাধুনিক প্ৰেক্ষাগৃহ, মিনি ষ্টেডিয়াম আৰু ইনড’ৰ ষ্টেডিয়াম শুভ উদ্ধোধন কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আজিৰ অনুষ্ঠানত ডিফু লোকসভা সমষ্টিৰ সাংসদ হৰেন ছিং বে’, কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, বোকাজানৰ স্থানীয় বিধায়ক নোমল ম’মিন, পৰিষদৰ কাৰ্যবাহী সদস্য তথা বোকাজান পৰিষদীয় সমষ্টিৰ স্থানীয় সদস্য মাধুৰ্য ঢেকিয়াল ফুকনৰ লগতে বহু কেইগৰাকী কাৰ্যবাহী সদস্য, পৰিষদীয় সদস্যৰ লগতে বহু গণ্যমাণ্য ব্যক্তি উপস্থিত থাকে।

ইপিনে, বোকাজান ক্ৰীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত ৰাজহুৱা সভাত ইতিমধ্যে ৰাইজৰ বাবে মুকলি কৰি দিয়া বিভিন্ন চৰকাৰী আঁচনি সমূহৰ লগতে আগন্তুক দিনত বিজেপি চৰকাৰে জনসাধাৰণৰ বাবে গ্ৰহণ কৰিবলগীয়া বিভিন্ন আঁচনিসমূহৰ সম্পৰ্কে উপস্থিত ৰাইজক অৱগত কৰে।












