স্বাস্থ্য প্ৰতিবেদন:
গৰ্ভাৱস্থা মহিলাসকলৰ জীৱনৰ বিশেষ এটা সময়। এই সময়ত যেনেদৰে বহু মহিলাই একো খাব নোৱাৰে, তেনেদৰেই আকৌ কোনো কোনো মহিলাৰ বিভিন্ন বস্তু খোৱাৰ ইচ্ছাই দেখা দিয়ে। কিন্তু খেয়াল ৰাখিব লাগিব যে গর্ভাৱস্থাত ইচ্ছা হওক বা নহওক, পর্যাপ্ত পৰিমাণে পুষ্টিকৰ খাদ্য খাবই লাগিব।
আইচক্রিম এবিধ ঠাণ্ডা মিঠা খাদ্য যি সাধাৰণতে গাখীৰৰ পৰা তৈয়াৰ হয়৷ তাৰ পিছত ইয়াৰ সৈতে ফল বা অন্য কোনো ফ্লেভাৰ যুক্ত কৰা হয়। গর্ভৱতী মহিলাই আইচক্রিমৰ কেন, কাপ বা ষ্টিকৰ সোৱাদত নিমজ্জিত হোৱাৰ আগতে কেইবাটাও বিষয় মনত ৰখা দৰকাৰ।
এগৰাকী মহিলাই যেতিয়ালৈকে পৰিমিত পৰিমাণে খায়, তেতিয়ালৈকে গর্ভৱতী অৱস্থাত আইচক্রিম খাব পাৰে। কিন্তু নিশ্চিত হ’ব লাগিব যে আইচক্রিমটো স্বাস্থ্যকৰভাবে তৈয়াৰ কৰা হৈছেনে নাই। গর্ভৱতী অৱস্থাত আইচক্রিম খোৱাৰ আগতে চাই ল’ব যে আপোনাৰ কোনো ফ্লেভাৰ এলার্জি আছে নেকি।
এলার্জি থাকিলে সেই ফ্লেভাৰৰ আইচক্রিম অৱশ্যেই এৰাই চলিব। বহু গর্ভৱতী মহিলা ডায়েবেটিছত আক্রান্ত হৈ যায়। আইচক্রিমত চেনি মিহলোৱা থকাত তেওঁলোকৰ পক্ষে মুঠেও ইয়াক খোৱা উচিত নহয়। গর্ভাৱস্থাত অতিৰিক্ত ওজনৰ সমস্যাত যিসকল ভোগে, তেওঁলোকেও আইচক্রিম এৰাই চলক।