![]()
ছাইদুল ইছলাম
ডিফু : অহা ২৫ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ কাৰবি আংলঙ ভ্ৰমণৰ পূৰ্বে পাহাৰীয়া জিলা কাৰবি আংলং আৰু ডিমা হাছাওৰ দীৰ্ঘদিনীয়া দাবী ভাৰতীয় সংবিধানৰ ২৪৪(ক) ৰূপায়নৰ প্ৰসংগই পুনৰ চৰ্চা লাভ কৰিছে ৷ বিভিন্ন দল-সংগঠনৰ লগতে সদ্য ভূমিষ্ঠ ২৫ সংগঠনৰ একত্ৰিত সংগঠন অৰ্গেনাইজেছন কনক্লেভ চমুকৈ অচি-এ বিষয়টো সন্দৰ্ভত আজি জিলা প্ৰেছ ক্লাৱত এক সংবাদমেলৰ আয়োজন কৰি নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ মঙলবাৰে গুৱাহাটীৰ শংকৰদেৱ কলা ক্ষেত্ৰত কেএনএলএফ, কেপিএলটি, পিডিচিকে ধৰি কেইবাটাও সহস্ৰ সংগঠনৰ কেডাৰসকলে মুখ্যমন্ত্ৰীৰ ওচৰত আনুষ্ঠানিকভাবে অস্ত্ৰ সম্বৰণ কৰি মূলসূতিলৈ ঘূৰি অহা কাৰ্যক প্ৰশংসা কৰিছে অৰ্গেনাইজেছন কনক্লেভে ৷
যিহেতু ২৫ ফেব্ৰুৱাৰীতে কাৰবি আংলং জিলাৰ ডেন আৰঙত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সাক্ষাৎ সংগঠনসমূহৰ সৈতে এক শান্তি চুক্তি হবলৈ গৈ আছে, তেনে ক্ষেত্ৰত হ’বলগীয়া চুক্তিত ভাৰতীয় সংবিধানৰ ২৪৪(ক) বিষয়টো সন্নিৱিষ্ট কৰিহে চুক্তি সম্পাদন কৰিবলৈ সংগঠনসমূহলৈ আহ্বান জনাইছে অচিয়ে ৷ এই দাবী জিলাবাসীৰ বহু আকাংক্ষিত দাবী ৷ ২৪৪(ক) অবিহনে চুক্তি হ’লে ভৱিষ্যতলৈ অৰ্গেনাইনাইজেচনে গণতান্ত্ৰিক আন্দোলন কৰা হ’ব বুলি সংগঠনটোৰ মুখপাত্ৰ দ্বয়ে সংবাদমেল যোগে হুংকাৰ দিয়ে ৷












