নিউজ ডেস্কঃ
নাতিৰ বাবে খাদ্য কিনিবলৈ বাহিৰ ওলাই ট্ৰেফিক পুলিচৰ হাতত পৰি প্রায় সর্বস্বান্ত হোৱাৰ উপক্ৰম এক বৃদ্ধৰ ! পার্কিঙক লৈ ট্ৰেফিক পুলিচৰ সৈতে বাক-বিতণ্ডাৰ ফলত অৱশেষত দুই লাখ টকা জৰিমনা ভৰিবলগা হয় বৃদ্ধগৰাকীয়ে। এই ঘটনা নেট জগতত বিয়পি পৰাৰ লগে লগে তীব্ৰ চৰ্চা আৰম্ভ হৈছে।
বিশেষ সূত্রৰ খবৰ মতে, ইংলেণ্ডৰ লুটেন চহৰৰ বাসিন্দা ৭৫ বছৰীয়া জন বাবেজ সম্প্রতি এনে বিড়ম্বনাৰ সম্মুখীন হ’বলগা হৈছে। বাবেজে তেওঁৰ সৰু নাতিক লগত লৈ তাৰ বাবে মেকডোলাণ্ডৰ খাদ্য কিনিবলৈ গৈছিল। মেকডোলাণ্ডৰ আউটলেটত গৈ তেওঁ নাতিৰ বাবে ২০০ টকাৰ খাদ্য কিনে।
ইয়াৰ পিছতেই ঘৰলৈ উভতিব ওলাওঁতেই আৰম্ভ হয় বিপত্তি। বাবেজৰ সৰু নাতিটো গাড়ীৰ পৰা নামি ওচৰৰ খেলপথাৰলৈ খেলিবলৈ যায়। প্রত্যক্ষদর্শীৰ মতে, বৃদ্ধগৰাকীয়ে বহুবাৰ তাক গাড়ীত উঠিবলৈ আহিবৰ বাবে মাতে। কিন্তু নাতি নাচোৰবান্দা। সি খেলিবই। অগত্যা গাড়ীতেই শুই পৰে বৃদ্ধগৰাকী। টোপনিৰ পৰা সাৰ পাওঁতেই ট্ৰেফিক পুলিচৰ মাত।
ট্ৰেফিক পুলিচৰ অভিযোগ, এনেদৰে ৰাস্তাত গাড়ী ৰাখি পার্কিঙৰ নিয়ম ভঙ্গ কৰিছে বাবেজে। এই কাৰণতেই দুই লাখ টকা জৰিমনা বিহা হয় বাবেজক। বৃদ্ধই অৱশ্যে নিজৰ দোষ তেতিয়াও স্বীকাৰ নকৰে। কিন্তু দোষ স্বীকাৰ নকৰিলেও জৰিমনা প্রদানৰ পৰা নিস্তাৰ নাপালে তেওঁ। মেকডোনাল্ডৰ “হেপি মিল” বৃদ্ধৰ পকেটৰ বাবে ঠিক সুখকৰ নহ’ল৷