স্বাস্থ্য প্ৰতিবেদন:
চুলিক সুন্দৰ আৰু শক্তিশালী কৰাৰ বাবে ব্যৱহাৰ কৰিব পৰা যায় কমলাটেঙা৷
১৷ কমলাই উফি দূৰ কৰাত সহায় কৰে। কমলাত থকা ভিটামিন চিয়ে চুলিৰ আর্দ্রতা অনাৰ কাম কৰে, ফলত চুলি সৰাৰ সমস্যা দূৰ হয়। অৱশ্যে মনত ৰাখিব, মাজে মাজে কমলাটেঙাত থকা চাইট্রাছ এচিডে চুলিৰ সামান্য ক্ষতি কৰে। সেয়ে চুলিত উপযুক্ত পৰিমাণৰ কমলা ব্যৱহাৰ কৰক।
২৷ কমলাটেঙা চুলিৰ ক্ষেত্রত যথেষ্ট উপকাৰী। কমলাত ভিটামিন চি আৰু বায়োফ্লাভোনাইড আছে। এই দুটি উপাদানে শৰীৰ আৰু মূৰৰ ৰক্ত সঞ্চালন বৃদ্ধিত সহায় কৰে। মূৰৰ ছালত ৰক্ত সঞ্চালন বাঢ়িলে চুলি কমি যোৱাৰ সমস্যা হ্রাস পায়।
৩৷ চুলি সৰাৰ সকলোতকৈ ডাঙৰ কাৰণ হ’ল দুর্বল চুলি। আজিকালিৰ অনিয়মিত জীৱন-যাপন আৰু খাদ্যাভাসে প্রথমতে চুলিক প্রভাৱিত কৰে, যিয়ে চুলি ভাঙি দিয়ে। এনে পৰিস্থিতিত চুলি মজবুত কৰিবলৈ কমলা ব্যৱহাৰ কৰক। কমলাত থকা চাইট্রাছ এচিডে চুলিক আৰু শক্তিশালী কৰি তোলে।
৪৷ কেতিয়াবা কেতিয়াবা চুলিত পিঁয়াজ বা নহৰু বা অন্যান্য বহু ঘৰুৱা প্রতিকাৰ ব্যৱহাৰ কৰিলে ইয়াৰ গোন্ধ চুলিত থাকি যায় যিটো ওচৰ-পাজৰৰ লোকলৈও আহে। এই ঘ্রাণ বা গোন্ধ দূৰ কৰিবলৈ কমলা ব্যৱহাৰ কৰক। চুলিত সুগন্ধি লগোৱাৰ বাবে চুলি ধোৱাৰ পিছত কিছু সময় কমলাৰ ৰস লগাই ধুই পেলাওক। ই চুলিক আৰু উজ্জ্বল কৰি তুলিব।