![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : “বিজেপিক আৰু ৫ বছৰ সময় দিয়ক, অসমক বানপানী মুক্ত কৰিম” আজি পাহাৰীয়া জিলা কাৰবি আংলঙৰ ডেনগাঁৱত বিজেপি দলৰ দ্বাৰা আয়োজিত বৃহৎ একতা শান্তি আৰু উন্নয়ণ সমাৰোহত অংশ গ্ৰহণ কৰি এই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৷
আজি দিনযোৰা কাৰ্যসূচীলৈ অসমলৈ অহা কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে নগাওঁ আৰু বটদ্ৰৱাত দুটা অনুষ্ঠানত অংশগ্ৰহণ কৰি পোণে পোণে ডেনগাঁৱৰ নুৰত আক্লামৰ সভা স্থলীলৈ আহিয়ে নিজৰ ভাষণ প্ৰসংগত হেলিকাপ্তাৰেৰে পাহাৰৰ অপূৰ্ব সৌন্দৰ্য আৰু চিৰ সেউজ পৰিবেশৰ মাদকতা উপভোগ কৰি আপ্লুত হৈ পৰিছে বুলি কয় ৷
বিগত ৫টা বছৰত কাৰবি আংলঙৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ অভূত পূৰ্ব উন্নয়ণ হোৱাৰ লগতে কাৰবি আংলঙ অবিহনে অসম আধৰুৱা বুলি কয় ৷ কংগ্ৰেছৰ সময়ত জিলাখনত সহস্ৰ উগ্ৰপন্থী সংগঠনে হিংসাৰে ৰক্ত ৰঞ্জিত কৰি ৰাখিছিল যদিও বিজেপিৰ আমোলত জিলাখনৰ প্ৰায়বোৰ উগ্ৰপন্থী সংগঠনেই অস্ত্ৰ সম্বৰণ কৰি মূল সূঁতিলৈ ঘূৰি অহা বিষয়ে জিলাখনলৈ শান্তিৰ বতৰা আনিছে ৷ এই ছেগতে গৃহমন্ত্ৰীগৰাকীয়ে জিলা গঠন প্ৰক্ৰিয়াত অহোপুৰুষাৰ্থ কৰা জননেতা ছেমছনছিং ইংতি, খৰছিং তেৰাঙৰ লগতে সাহিত্য সাধক পদ্মশ্ৰী ৰংবং তেৰাঙক শলাগ লয় ৷ তেওঁ দেশৰ জনমুৰি আয় হ্ৰাস পোৱাৰ কথা স্বীকাৰ কৰিছে যদিও পুণৰ পদুম ফুলিলে অসমত বিকাশৰ জোৱাৰ বব বুলিও দোহাৰে ৷ লগতে অসমৰ ৰাইজে পুণৰ ৫ বছৰ বিজেপিক দিলে অসমক বানপানী মুক্ত কৰা হ’ব ৷
ইয়াৰোপৰি বিভিন্ন উন্নয়ণমূলক কাম-কাজৰ সন্দৰ্ভত অৱগত কৰায় ৷ মুখ্যমন্ত্ৰী সৰ্বান্দ সোণোৱালে বিজেপি শাসনাধীষ্ঠ কেন্দ্ৰীয় নেতৃত্ব প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাসৰ বাবে অসমত শান্তি ঘুৰি অহাৰ লগতে বৰাক, ব্ৰক্ষ্মপুত্ৰ, পাহাৰ, ভৈয়ামত শান্তি আৰু বিকাশ সম্ভৱ হৈছে ৷ কংগ্ৰেছৰ আমোলত পাহাৰে মান্যতা পোৱা নাছিল যদিও বিজেপি চৰকাৰ অহাৰ লগে লগে পাহাৰীয়া জিলা দুখনৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল উজলি উঠিছে ৷
আনহাতে ৰাজ্য চৰকাৰৰ প্ৰভাৱশালী মন্ত্ৰী ডাঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনৰ ভিতৰতে কাৰবি আংলঙক সৰ্বশ্ৰেষ্ঠ জিলা হিচাপে গঢ়ি তোলী হ’ব ৷ কাৰবি আংলঙত এতিয়া হত্যা-হিংসা দাৱানল নহয়, বিকাশ আৰু উন্নয়ণৰ আন্দোলন হে হ’ব ৷ সহস্ৰ সংগঠনৰ সৈতে পাৰ্বত্য জিলা তিনিখনৰ দীৰ্ঘদিনীয়া দাবীকলৈ শীঘ্ৰে শান্তি চুক্তি সম্ভৱ হ’ব বুলি কয় ৷
আনহাতে কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে গৃহমন্ত্ৰী অমিত শ্বাহৰ সন্মুখতে জিলাখনৰ দিৰ্ঘদিনীয়া দাবী ভাৰতীয় সংবিধানৰ ২৪৪(ক) শীঘ্ৰে ৰূপায়ণ কৰাব বাবে দাবী জনায় ৷
ইপিনে সমাৰোহলৈ অহা সমৰ্থকসকলৰ যান-জঁটকলৈ কিছু সমস্যাৰ সৃষ্টি হয় যদিও নিৰাপত্তাৰক্ষী আৰু আৰক্ষীয়ে সুপৰিচালনা কৰিবলৈ সক্ষম হয় ৷












