নিউজ ডেস্কঃ
শ্বাসকষ্টত ভোগা ডাঙৰ জীয়ৰীৰ চিকিৎসাৰ সার্মথ্য নাই দিন মজুদুৰ পিতৃ-মাতৃৰ। সেয়ে চিকিৎসাৰ ধনৰ বাবে নিজৰ সৰু জীয়ৰীক ৪৬ বছৰীয়া এজন ব্যক্তিৰ ওচৰত বিক্ৰী কৰিলে অন্ধ্রপ্রদেশৰ নেল্লোৰৰ দম্পতিহালে। খবৰ পোৱা মাত্ৰে বৃহস্পতিবাৰে নাবালিকাগৰাকীক উদ্ধাৰে কৰে নাৰী আৰু শিশু কল্যাণ বিভাগৰ বিষয়াসকলে। সম্প্ৰতি তেওঁক শিশু পৰিচর্যা কেন্দ্রত ৰখা হৈছে, কৰা হৈছে কাউন্সেলিঙো ।
জানিব পৰা মতে, ১২ বছৰীয়া নিজ জীয়ৰীক তেওঁলোকে বিক্ৰী কৰে চিন্না চুবাইয়া নামৰ ৪৬ বছৰীয়া ব্যক্তিজনৰ ওচৰত। তাৰ বাবে ২৫ হাজাৰ টকা বিচাৰিলেও ১০ হাজাৰ টকাত চুক্তি হয়।
তাৰি পিছত নাবালিকাগৰাকীক দামপুৰৰ আত্মীয়ৰ ঘৰলৈ লৈ আহে চুবাইয়াই। তাতেই যোৱা বুধবাৰে চুবাইয়াৰ সৈতে বিয়া হয় নাবালিকাগৰাকীৰ। কিন্তু নিশা নাবালিকাৰ চিৎকাৰ আৰু কান্দোন শুনি সন্দেহ হয় প্রতিবেশীসকলৰ। তেওঁলোকে বিষয়টো সন্দৰ্ভত চুবাইয়াক সোধা-পোছা কৰে। খবৰ গৈ পায় স্থানীয় পঞ্চায়তত। তাৰ পৰাই খবৰ লাভ কেৰ শিশু কল্যাণ বিভাগৰ এজন বিষয়াই। ইয়াৰ পিছদিনাই উদ্ধাৰ কৰা হয় নাবালিকাগৰাকীক।
আৰক্ষীয়ে অভিযুক্ত চুবাইয়াৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি সোধা-পোছা আৰম্ভ কৰিছে।