নিউজ ডেস্কঃ
একেদিনাই কোটিপতি হ’ল অমৃতসৰৰ এগৰাকী মহিলা। ৰেণু চৌহান নামৰ মহিলাগৰাকীয়ে ১০০ টকাৰ লটাৰীৰ টকিট কাটি প্রথম পুৰস্কাৰ লাভ কৰে। যাৰ মূল্য ১ কোটি টকা।
বৃহস্পতিবাৰে উক্ত পুৰস্কাৰ মূল্য পোৱাৰ বাবে নিজৰ বহুমূলীয়া লটাৰীৰ টিকট আৰু গুৰুত্বপূর্ণ কাগজ-পত্র জমা দিয়ে ৰেণুই। এগৰাকী মধ্যবিত্ত পৰিয়ালৰ গৃহিণী হিচাবে একেলগে ইমানখিনি টকা পোৱাৰ পিছত আনন্দত আত্মহাৰা মহিলাগৰাকীয়ে কয়, ‘মোৰ স্বামীৰ এখন কাপোৰৰ দোকান আছে। লটাৰীৰ পুৰস্কাৰৰ ধনেৰে দোকানখন আৰু ডাঙৰ কৰিম। স্বাচ্ছ্যন্দ আহিব জীৱনলৈ।’
উল্লেখ্য, পঞ্জাব ৰাজ্যিক লটাৰীৰ এই ড্র হৈছিল যোৱা ১১ ফেব্রুৱাৰীত। ৰেণুৰ D-12228 নম্বৰৰ টিকটটিয়ে প্রথম পুৰস্কাৰ লাভ কৰে। শীঘ্ৰেই পুৰস্কাৰৰ ধন ৰেণুৰ একাউন্টলৈ আহিব।